logo

যোৰহাট ষ্টেডিয়ামত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন বাতৰি : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ তত্ত্বাৱধানত যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । তদুপলক্ষে বৃহস্পতিবাৰে এক আনন্দমুখৰ পৰিৱেশৰ মাজত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয় শুভ উদ্বোধনী অনুষ্ঠানৰ

যোৰহাট ষ্টেডিয়ামত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন বাতৰি : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ তত্ত্বাৱধানত যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত খেল মহাৰণ ২০২৩ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । তদুপলক্ষে বৃহস্পতিবাৰে এক আনন্দমুখৰ পৰিৱেশৰ মাজত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হয় শুভ উদ্বোধনী অনুষ্ঠানৰ । যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিযোগী সকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য দাঙি ধৰে । বিধায়ক গৰাকীয়ে অসম চৰকাৰৰ এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জনোৱাৰ লগতে যোৰহাট , টিয়ক , তিতাবৰ আৰু মৰিয়নিৰ প্ৰতিযোগী সকলৰ মাৰ্চপাষ্টৰ অভিবাদনো গ্ৰহণ কৰে । উল্লেখযোগ্য যে , বিহুনৃত্য , সত্ৰীয়া নৃত্য , ৰাভা নৃত্যকে ধৰি বিভিন্ন মনপৰশা সাংস্কৃতিক কাৰ্যসূচীয়ে জীপাল কৰি তুলিলে যোৰহাট ষ্টেডিয়ামৰ সেউজ বননি ।

5
1083 views