logo

প্ৰশাসনে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰি দিয়াৰ পিছতো কেৰেপ নকৰে একাংশ চালকে : অব্যাহত আছে চলাচল :

কলগাছিয়া : জিলা প্ৰশাসনে গধুৰ যানবাহনৰ চলাচল বন্ধ কৰি দিয়াৰ পিছতো এক প্ৰকাৰ সেই নিৰ্দেশনাক কেৰেপ নকৰি দিনে নিশাই গধুৰ যানবাহনৰ চলাচল অব্যাহত থকা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে বেকী নৈৰ ভয়ংকৰ গৰাখনীয়াৰ পৰিণতিত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি সদ্য নিৰ্মিত ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো বৰ্তমান নদীৰ বুকুত বিলীন হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ।

যাৰ ফলত ঘাইপথটো গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে দুই দিন আগৰ পৰা ৰাজ্যিক ঘাইপথটোৰে গধুৰ যান বাহন চলাচল বন্ধ কৰি পথ বন্ধ ফলক লগাই দিছে । তথাপিও কিন্তু একাংশ যাত্ৰীবাহী বাছ , ১৪ , ১৬ চকীয়া অভাৰলোড ট্ৰাক গাড়ী অনায়াসে চলাচল অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ নীৰৱ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে । অতি সোনকালে ৰাজ্যিক ঘাইপথটোৰে গধুৰ যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে সকলো চাৰিচকীয়া বাহনো বন্ধ কৰি দিয়াৰ দাবী জনাইছে । প্ৰেৰক :- আব্দুল আলিম খান , কলগাছিয়া

13
21982 views