logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গোৱালপাৰাত ১৭ খন বিদ্যালয়ৰ শিক্ষাৰ অৱনতিৰ অভিযোগ।

শিক্ষা খণ্ডৰ প্ৰকৃত উন্নয়নৰ বাবে এক বিনম্ৰ আহ্বান।

মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দৃষ্টিগোচৰৰ বাবে,
মহোদয়,
আপোনাৰ বলিষ্ঠ নেতৃত্বত অসমে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিছে। কিন্তু সংবাদ মাধ্যমত প্ৰকাশ পোৱা শেহতীয়া বাতৰি অনুসৰি গোৱালপাৰা জিলাৰ শিক্ষাখণ্ডৰ এক অতি দুৰ্ভাগ্যজনক ছবি পোহৰলৈ আহিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ১৭ খনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৩০ শতাংশতকৈ কম হোৱা বিষয়টোৱে আমাক চিন্তিত কৰি তুলিছে।

উল্লেখনীয় যে,
০ আঠীয়াবাৰী হাইস্কুল আৰু পাংছাংগিৰি হাইস্কুলৰ পৰা এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ব পৰা নাই, অৰ্থাৎ উত্তীৰ্ণৰ হাৰ শূন্য।
০ নিছানগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ জন পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ এজনহে উত্তীৰ্ণ হৈছে।
০ বাংগালঝাৰ হাইস্কুলৰ ৫৭ জনৰ ভিতৰত মাত্ৰ ৫ জন আৰু জামাদাৰভিটা হাইস্কুলৰ ২৩ জনৰ ভিতৰত মাত্ৰ ৪ জনহে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।

ৰাজনৈতিক বা ধৰ্মীয় বিতৰ্কতকৈ আমাৰ সমাজৰ বাবে আজিৰ দিনত শিক্ষাৰ মানদণ্ড উন্নত কৰাটো আটাইতকৈ বেছি প্ৰয়োজনীয়। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ দৰে বিষয়বোৰত অধিক গুৰুত্ব দিলেহে আমাৰ ভৱিষ্যৎ প্ৰজন্ম সুৰক্ষিত হব।

ইতিমধ্যে জিলা বিদ্যালয় পৰিৰ্শকে এই ১৭ খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

আশা কৰোঁ, আপুনি এই ক্ষেত্ৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰি পিছপৰা অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰিবেশ আৰু ফলাফল উন্নত কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

"শিক্ষিত সমাজেই উন্নত ৰাজ্যৰ ভেটি।"

0
0 views

Comment