logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

২ মে' শনিবাৰে মাজপাৰা গোপাল গোসাঁই ঘৰ প্ৰাঙ্গণত ৰাজহুৱা সভা

৩০ এপ্ৰিল ২০২৬ ::
কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা ছয়গাঁও মাজপাৰা আৰু তাৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজে অৱশেষত বিজ্ঞানসন্মত উপায়ৰ পৰিকল্পনাৰ্থে শীঘ্ৰেই এক ৰাজহুৱা সভাত মিলিত হ'ব বুলি জানিব পৰা গৈছে। এই কথা জানিবলৈ দি কেইগৰাকীমান ভুক্তভুগী নাগৰিকে কয়— "প্ৰশাসন যেতিয়া দায়িত্বৰ পৰা আঁতৰি থাকে তেতিয়া মানুহৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হয়। কি অবিবেচক, অবৈজ্ঞানিক সিদ্ধান্ত যে ১ নং বালাসিদ্ধি আৰু ঢেকেনাবড়ী ৰাজহ গাঁৱৰ অন্তৰ্গত ছয়গাঁও মাজপাৰাকে ধৰি কেইবাখনো গাঁও জলমগ্ন কৰি ৰাখি এই বৃহত্তৰ অঞ্চলটোৰ পানী ওলাই যোৱা কলহীৰ 'সুঁতিটো' ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে চৰকাৰী সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন বিভাগে মাটিৰে পুতি পেলাইছে। তাত হেনো পৰৱৰ্তী সময়ত এটা আঢ়ৈ ফুট পুতলৰ ড্ৰেইনৰ ব্যৱস্থা কৰিব। এই জনবিৰোধী কাৰ্যক পৰাস্ত কৰি এক ইতিবাচক পদক্ষেপ হাতত ল'বলৈ পৰিকল্পনা লোৱাৰ উদ্দেশ্যে মে' মাহৰ ২ তাৰিখ শনিবাৰে মাজপাৰা গোপাল গোসাঁই ঘৰ প্ৰাঙ্গনত দিনৰ ১০ বজাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হ'ব।" সভাত ভুক্তভুগী ৰাইজ, সংবাদসেৱী বন্ধুবৰ্গৰ লগতে শুভাকাংক্ষী আটাইৰে উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

11
1363 views

Comment