logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

হিতেশ দাসৰ এক বিশেষ ফেচবুক পোষ্ট

📌ৰাষ্ট্ৰীয় ঘাইপথ উন্নতকৰণৰ নামত জনবিৰোধী পদক্ষেপ!
ৰাইজ সজাগ নহ'লে গুৱাহাটী সদৃশ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব।

৩০ এপ্ৰিল ২০২৬ :: গুৱাহাটী—গোৱালপাৰা ৩৭ নং (বৰ্তমান ১৭ নং) ৰাষ্ট্ৰীয় ঘাইপথ উন্নতকৰণৰ কাম চলি আছে। ইয়াত আপত্তি কৰিবলগীয়া নিশ্চয় নাথাকে। কিন্তু এই উন্নতকৰণৰ নামত লোৱা হৈছে এক জনবিৰোধী পদক্ষেপ। ১ নং বালা সিদ্ধি আৰু ঢেকেনাবড়ী ৰাজহ গাঁৱৰ অন্তৰ্গত ছয়গাঁও মাজপাৰাৰ মাজেৰে পশ্চিমলৈ বৈ যোৱা "কলহীৰ সুঁতি" মাটিৰে পুতি তাত আঢ়ৈ ফুটৰ এটা ড্ৰেইনৰ অব্যৱস্থা কৰিবলৈ লৈছে সংশ্লিষ্ট দায়িত্ববাহী কৰ্তৃপক্ষই। ইয়াৰ ফলত ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশৰ ৰাইজে বৈঢ়ানৰ পানীতে তল যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। উপপথ সমূহ পানীৰ তলত দীৰ্ঘদিন ধৰি ডুবি আছে। অদূৰ ভৱিষ্যতে পৰিস্থিতি আৰু ভয়াৱহ হ'ব— গুৱাহাটী মহানগৰীৰ অভিজ্ঞতাই তাকেই সোঁৱৰাই দিয়ে। গতিকে ৰাইজে সময় থাকোঁতেই সজাগ হোৱা জৰুৰী। অন্যথা গুৱাহাটী সদৃশ অভাৱনীয় কৃত্ৰিম বানৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব আজীৱন। অঞ্চলটোৰ এগৰাকী ভুক্তভোগী নাগৰিক হিচাপে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত সজোৰে দাবী উত্থাপন কৰোঁ— "উল্লিখিত কলহী সুঁতিৰ ওপৰত চৰকাৰী বেচৰকাৰী বেদখল তথা ঘাইপথ উন্নয়নৰ নামত সুঁতিৰ ওপৰত পেলোৱা মাটি শীঘ্ৰে উঠাই সুঁতিটো মুকলি কৰাৰ সু-ব্যৱস্থা কৰক। প্ৰয়োজন সাপেক্ষে উন্নত আধুনিক পদ্ধতি প্ৰয়োগ কৰি ছয়গাঁও মাজপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিমদিশেৰে বৈ যোৱা সুঁতিটোৰ নিৰ্দিষ্ট অংশত দলং সদৃশ ব্যৱস্থাৰে ঘাইপথৰ তলেৰে পৰ্যাপ্ত পানী ওলাই যাব পৰাকৈ বিজ্ঞানসন্মত ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰক।" আশা কৰোঁ এই পদক্ষেপ গ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ্নিমাণ বিভাগক চৰকাৰে বাধ্য কৰাব। আকৌ, ক্ষোভিত-শংকিত-ভুক্তভোগী ৰাইজক আন্দোলনমুখী হ'বলৈ বাধ্য নকৰিব।
#GovernmentofIndia
#GovernmentofAssam
#AllSocialActivist

4
78 views

Comment