আৱদ্ধ।
আৱদ্ধ।
আৱদ্ধ কৰি
সিটো পাৰে
আছে কোনোবা,
নহয় কিন্তু
সিহঁত বিশুদ্ধ।
কৰিব পাৰে
তোমাক ক্ৰোধিত
হবা গৈ তুমি অশুদ্ধ।
নামধাৰি বিশুদ্ধ
আছে সি
গোপনে লুকাই।
কৰিছে সকলো নিৰিক্ষণ
লগাইছে বেমেজালি।
চলাইছে অত্যাচাৰ
আহিছে মোৰ
সকলো শুকাই।
আহিছে জীৱনলৈ
বিধ্বংসী ধুমুহা।
নাযাম মই উভতি
যাম মই আগুৱাই
কৰিম মই যুদ্ধ ।
হ'ম মই পৰাভূত
নকৰোঁ অসাধুক অভিভূত।
নাথাকক জীৱন
নাথাকক মান।
হওঁক মোৰ পতন
হব নালাগিব
অসাধু বিতোপন।
আছে অসাধু সংগপোনে
চলাই আছে
অসাধুৱে অত্যাচাৰ নিৰৱে
হৈছে তাতে অসাধুৰ
সপোন পূৰণ।
হৈছে মোৰ
জীৱন মৰণ।
গৈছে মোৰ
ভৰণ পোষণ।
নিদিম অসাধুক
সেইয়ে সম্ভাষণ।
চলাইছে বছৰ বছৰ
জুৰি অত্যাচাৰ।
নাই আজি সেইয়ে
কতো মোৰ সদাচাৰ।
হৈছোঁ গৈ মোৰ সৰ্বহাৰা
কৰি দিলি
তাতে দিশহাৰা।
দূৰ দিগন্তৰ পৰা
আহিব সলিল
হৈ যাম বিলীন
নিদিম তোক
স্বীকৃতি শালীন।
অসাধু হয় অশালীন
থাকে তাত অসাধুৰ
খাম খেয়ালি।
আহি যায় মোৰ
সকলোতে বহুৱালি।
নাপাওঁ মই
মই আসন
নিদিওঁ মই ভাষণ।
নাথাকে
মোৰ অনুশীলন।
থাকে কিন্তু
মোৰ অনুশাসন
নকৰোঁ কিন্তু ত্যাগ।
বাঢ়িব পৰিসীমা
হ'বগৈ সেইয়া বিবাদ
ঘটিব সংঘাত।
ঘটি যাব
বহু বহু
কিবা কিবি।
থাকিব তাত আহ্বান
কৰিম প্ৰত্যাখ্যান
হব মোৰ অৱসান।
সহিব নোৱাৰোঁ
নপৰে কিন্তু অন্ত
অন্যায় অত্যাচাৰ অধ্যায়।
হ'ব মোৰ
মোৰ বিদায় ।
নাথাকিব নাটক
পৰিব তাত যৱনিকা। ছৈয়দ মহচিন।