বিক্ৰম
বিক্ৰম।
বিক্ৰম মানে
নাথাকে তাত
কেৱল বিৰত্ব।
বিক্ৰমে আঁতৰাই বিভ্ৰান্তি
আনে মনত প্ৰশান্তি।
আছে বিক্ৰমৰ মহত্ব
নাথাকে তাত
কেৱল ৰাজত্ব।
কৰে দাসত্ব
লয় দায়িত্ব।
নিবিচাৰে গুৰুত্ব
নাপায় মহত্ব
নহয় কোনো
তাত আসক্ত।
নকৰে কিন্তু কৰ্মত
কাকো বিৰক্ত
নকৰে কাকো বিৰোধ।
কৰে সহযোগ
হয় গৈ সেইয়া
দেশ নিৰ্মাণৰ বৰঙণি।
বিক্ৰমে নকৰে সেমাহি
সেইয়ে নপৰে
তাত কাৰো সামৰণি।
বিক্ৰমৰ ধৰে আৱৰি
কৰে আৰম্ভণি
হৈ যায় সেইয়া নতুন
হৈ পৰে সেইয়া নবীন।
বিক্ৰমে কৰে
সকলোকে সমীৰ।
দিয়ে সকলোকে সম্মান
জনায় সম্ভাষণ।
নাথাকে কিন্তু
তাত প্ৰশমন ।
হয় সেইয়ে অসাধাৰণো
হয় য'ত সাধাৰণ ।
বিক্ৰমে কৰে নিৰ্ধাৰণ
নকৰে কিন্তু
কতো সংগোপন।
বিক্ৰমে নিদিয়ে বিজ্ঞাপন
কৰে কিন্তু
কৰ্ম সমাপন।
বিক্ৰমে নকৰে হেমাহি
নামাৰে ফিতাহি
নাৰাখে ব্যৱধান।
হয় তাত
সকলো সমস্যাৰ সমাধান।
ছৈয়দ মহচিন।