logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

#JusticeForZubeenGarg

জুবিন গাৰ্গৰ ভক্ত বিচাৰি কোনোৱে ফেচবুকৰ মজিয়া তোলপাৰ লগাইছে হেনো!

অন্যায় দেখিও যাৰ চকুত ক্ৰোধাগ্নি নজ্বলে, ৰাজনীতিৰ ভূতে যাক খেদি ফুৰে, অৰাজনৈতিকতাৰ ভণ্ডামিৰ বীজাণুৱে যাৰ মস্তিষ্কত সংক্ৰমণ ঘটায়— 'জুবিন গাৰ্গ' কিম্বা 'জুবিন গাৰ্গৰ ভক্ত' কাকোৱেই ঢুকি নাপায়।

"পলিটিক্স নকৰিবা বন্ধু" বুলি গোৱা জুবিন গাৰ্গৰ পলিটিক্স সম্বন্ধে আছিল গভীৰ অধ্যয়ন। "আৰ্টিষ্টৰ এটাই ৰাজনীতি— ৰাইজৰ লগত থকা, ৰজাৰ লগত নহয়" বোলা সুচিন্তিত কথাষাৰে জুবিন গাৰ্গৰ পলিটিক্স সম্বন্ধে থকা অধ্যয়নকে সূচায়। তেওঁ অৰাজনৈতিকতাৰ ভণ্ডামি আৰু শাসক-শোষকৰ জনবিৰোধী ৰাজনীতিৰ বিৰুদ্ধে গীতৰ মাজেৰে আহ্বান জনাইছে—
"পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতিৰ মাটিৰ গান গুণ গুণাও
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু"

জুবিন গাৰ্গ যেনেকৈ বইজ্জাতৰ ত্ৰাস, একেদৰেই জুবিন গাৰ্গৰ ভক্তও ভণ্ডসকলৰ ত্ৰাস— অন্ধভক্ত নহয় যে।
#JusticeForZubeenGarg

3
381 views

Comment