অভিশাপ
অভিশাপ
অভিশাপ উঠিছে
আজি অভিমান।
কৰিবি সকলোৱে
মোক কিয় অপমাণ
নহয় মই ভ্ৰাম্যমাণ।
তহতে কিয় সকলোতে
কৰিব মোক উচ্ছাৰণ।
ভাবি ললি মই
একেবাৰে সাধাৰণ।
গঢ়ি লৈছে মুখত প্ৰসাধন
আনিছ নিজেই ব্যৱধান
নাথাকে তহঁতৰ সম্মোধন।
দিবি প্ৰৰোচনা
কৰিবি তহতে প্ৰতাৰনা
আহে যদি প্ৰতোত্তৰ
কৰিবি প্ৰতিবাদ
বিচাৰিবি মোক
দিবি অভিশাপ
হয় সেইয়া মোৰে নাম।
নিদিওঁ মই অভিশাপে
কাকো অভ্যৰ্থনা।
লাগিব মোক ন্যায়
সত্যৰ প্ৰতিলিপি।
নহ'লে তহতঁকে কৰিম
মই খেলি মেলি
আহিব তহঁতৰ বেমেজালি।
কৰিবি অভিসন্ধি
ধৰিব যেতিয়া উভতি।
কৰিব মোক কাকতি
বিচাৰি মোক।
কবি অভিশাপ
কৰা তুমি বিচাৰ
চলোৱা তুমি অত্যাচাৰ।
অভিশাপ নহয়
কাৰো পৰ
নহয় কাৰো আপোন।
অভিশাপ দিব দৃষ্টি
পঢ়িব সকলো পৃষ্ঠা।
তাৰ পিছত
কৰে বিশ্লেষণ।
যদি আছিলা বৰ্বৰ
কৰিছিলা নিজক লৈ গৰ্ভ।
নাপাবা কিন্তু
এতিয়া স্বৰ্গ।
হ'ব তোমাৰ হিচাপ
পাবা তুমি আজাৱ
নাপাবা আজাদ।
কৰিম আমি তোমাক
কেৱল আঘাত।
হ'ব লাগিব
সকলো পাপ
ব্যাঘাত ,বিধ্বস্ত।
নোৱাৰিবা কৰিব
আমাক আশ্বস্ত।
নহয় আমি
কাৰো বিশ্বস্ত।
কৰোঁ আমি বিশ্লেষণ
যদি হোৱা নিৰ্দোষী
নাপাবা আমাৰ সম্ভাষণ।
যদি কৰিছা পাপ
তেতিয়া পাবা তিৰস্কাৰ।
আছোঁ আমি ৰৈ
কৰোঁ আমি আৱিস্কাৰ।
যদি হয় সেইয়া পাপ
তেতিয়া পাবা
লগ অভিশাপক।
অভিশাপক নালাগে অভিযোগ।
অভিশাপৰ আছে অভিধান
কৰিব তাৰ পৰাই সমাধান।
নকৰিবা মোৰ সৈতে অভিনয়
উঠিব মোৰ খং
নাপাবা তোমালোকে বিধান।
ছৈয়দ মহচিন।