বিশ্বাসৰ দস্তাবেজ।
বিশ্বাসৰ দস্তাবেজ।
বিশ্বাসৰ দস্তাবেজৰ সন্ধানত
মানুহ হৈছে আজি ভীতিগ্ৰস্ত।
আহিছে পদে পদে ভয় শংকা
কৰিছে পৰিস্থিতি
বুজি মানুহে মানুহক
ঠগ প্ৰবঞ্চনা।
কৰিছে প্ৰলোভিত
কৰিছে প্ৰৰোচিত
লৈছে সম্পদ
কৰিছে পলায়ণ।
আহিছে সৎজনৰ বিপৰ্যয়
হৈছে গৈ বিধ্বস্ত।
আহি গ'ল যেন
বিধ্বংসী ধুমুহা
লৈ গ'ল সকলো উৰোৱাই।
কৰিছে আজি
সকলোতে হাহাকাৰ।
নাই তাত
কাৰো কাণহাৰ।
নিবিচাৰে মানুহে কেৱল
নিজৰ কান্দোন।
গুচি গৈছে
তাতে মানুহৰ
সম্বন্ধৰ বান্ধোন।
আপোন হৈছে গৈ পৰ
পৰিয়াল হৈছে ৰূপান্তৰ
সলাইচে ৰূপ হ'লগৈ
সৰিসৃপ ঘৰিয়াল।
বন্ধু হৈছে গৈ ভাৱৰীয়া
কৰিছে তাত অভিনয়
দেখাইছে মিছা অভিমান।
আছে মানুহৰ অভিশাপ
দিছে মানুহে অভিযোগ
চলিব প্ৰভুৰ অভিযান।
দেখাব প্ৰভুৰ প্ৰভুত্ব
নাথাকিব তোমাৰ বিৰত্ব।
নালাগে বিলম্ব
কৰিব বিচাৰ।
পাবা তাৰ পৰিমাপ
নাপাবা কিন্তু পৰিত্ৰাণ।
হয় সেইয়া প্ৰভু
নকৰে কাকো সৰু।
আছে তেওঁৰ শক্তি
হয় সেইয়া অসীম ।
দেখিবা উত্তাপ
কৰিবা অনুতাপ।
হ'ব সেইয়া
প্ৰভুৰ পৰাক্ৰম।
নোৱাৰিবা কৰিবা
তাক তুমি অতিক্ৰম ।
কৰিলা তুমি হস্তাক্ষৰ
আছিল সেইয়া বিশ্বাস
ভংগৰ দস্তাবেজ।
দিব তেওঁ মাননী
ভৰিবা তুমি মূল্য।
হয় তেওঁ অমুল্য
দিয়ে তেওঁ বিনামূল্যে
আহিব পাৰে তিৰস্কাৰ
আহিব পাৰে পুৰস্কাৰ।
কৰিব লাগিব
তাক মানুহে
নিজেই আৱিষ্কাৰ।
যদি আছে সংস্কাৰ
সহায়, সহনশীলতা,
সৈতে গভীৰ সম্বন্ধ
পাবা পুৰস্কাৰ।
যদি কৰিছা সমালোচনা
চলাইছা অত্যাচাৰ।
কৰিছা অভিনয়
দিব তোমাক তিৰস্কাৰ। ছৈয়দ মহচিন।