logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গৰু

গৰু।
মই গৰু
চহৰত থাকোঁ ঘূৰি।
সকলো পাই চিনি
নিদিয়ে স্থান।


দেখাই ৰঙা চকু
আহে মোক খেদি
দেখাই দিয়ে বিহু।
আছে মোৰ ভোক
যাওঁ মই
গেলা মালত।
বিচাৰোঁ মই
আলু পিয়াঁজ।



দিয়ে মোক পিতন ।
ভাব মোক পিতল
পিঠি কিন্তু
হয় শীতল।
যাবি ৰসাতলে ।
আছে মোৰ ৰসায়ন
হয় যায় বিকৃত
হ'ব বিস্ফোৰণ।
মাৰিম লাঠ
পৰিবি চিতিকি ।


নকৰিবি ইতিকিং
হ'বগৈ ইতিহাস।
নিপিন্ধো মই খাৰু
যাওঁ মই পথাৰত
কৰোঁ মই শ্ৰম।



পাহৰলি ককাই
গাঁৱত কৰিলোঁ
মই শ্ৰম।
নললো বিশ্ৰাম
হ'ল ফচল।



আনিলি বজাৰত
নাপালো দাম
নাপালো মান।
কৰিছ বিক্ৰী
নোৱাৰোঁ মই কৰিব
তাৰ ভোগ।



লাগে মোৰ দোষ
নাপাওঁ মই সুখ।
হয় মই গৰু
নকৰোঁ কাকো সৰু
নিবিচাৰোঁ আৰু।



তথাপি নাই
তহঁতৰ নিয়ম
কৰিছোঁ মোক
সকলোৱে অনিময়।
গৰু আছে গৰিমা
চাওঁ যদি উভতি
হ'ব তোৰ অগ্ৰগতি
নাথাকিব তোৰ বিসংগতি।
ছৈয়দ মহচিন।

807 views

Comment
  • Syed Mohsin Ali

    গৰুক আদৰ্শ হিচাপে লৱলৈ আইয়ে কৈছিল কাৰণ গৰু যি কষ্ট গৰু যি শ্ৰম আৰু গৰুক যেনেকৈ মালিকে অত্যাচাৰ কৰা হয় তাৰ পিছতো গৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহে।আইয়ে কৈছিল গৰুৰ দৰে যদি ধৰিব পাৰ ধৈৰ্য্য নাহিব জীৱনত পৰাজয়।দেউতাই বিশ্বাস নকৰে।