logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বসন্ত

বসন্ত।
বসন্ত নহয়
কেৱল এটি ঋতু।
হয় অসমীয়া জাতিৰ
আয়ুস ৰেখা।


গছ পাতে ডালে
য'ত হয় ৰূপান্তৰ।
বসন্ত হৈ পৰে
যেন ৰূপৱতী।
হয় তাতে গুণৱতী।


নাথাকে তাতে ৰৈ
কুলি চৰাই জনী।
দিয়ে গুণ গুণাই
গাবোৰ কৰে
আমাৰ ৰিম জিম ।
নাচে সকলোৱে এপাক
পাই সকলোৱে
পৰম সুখ।
দিয়ে আমাৰ
মনক প্রশান্তি।
আতৰে অশান্তি
আতৰে আমাৰ বিভ্রান্তি।

বসন্তত বিদায়
মাগে পুৰণিয়ে
আহে তাত নতুনত্ব।
সেইয়া যেন
সময়ৰ আহ্বান ।




মনবোৰ যেন ধৰিত্ৰীত
হৈ পৰে ধুনীয়া।
কৰে যেন প্রকৃতিয়ে
বসন্তক আলিংগন।
এৰি দিয়ে সকলোৱে
তাতে ৰণাংগন।
হৈ পৰে
মনবোৰ ৰঙীন।

বসন্তত পাতো
আমি উৎসৱ
হয় সেইয়া বহাগী।
নকৰাকৈ নাথাকো
আমি ক্ৰয়।
হয় সেইয়া সামগ্ৰী
আছে উৎসৱ।
নাপাতো থাকো
কেনেকৈ বাপুটি
আহোন বিহুটি ।



বসন্ত সান্নিধ্য
নহয় সহজ।
দিব লাগে
পুৰণিক বিদায়।
লৱ লাগে
নতুনক আদৰি।


বসন্তত থাকে
নিয়তীৰ খেলা।
হ'ব পাৰে
তাতে আৰম্ভণি।
পৰিব পাৰে
তাতে সামৰণি।



বসন্তৰ আছে
প্ৰচণ্ড উত্তাপ।
আহি যায় ধুমুহা
হয় যায়
সকলো নিঃশেষ।

ছৈয়দ মহচিন।

15
655 views

Comment