এক ব'হাগত মাজপাৰা মিলিজুলি দধিমন্থন দলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান
১২ এপ্ৰিল, ২০২৬ :: মাজপাৰা মিলিজুলি দধিমন্থন দলে মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। এই উপলক্ষে এক ব'হাগত (১৫ এপ্ৰিল, ২০২৬) এদিনীয়াকৈ সামৰণি অনুষ্ঠানৰ আয়োজন কৰাৰ কথা দলটোৰ সম্পাদক মিলন দাসে জানিবলৈ দিছে। সিদিনা পুৱা দলটোৰ সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰিব। কাৰ্যসূচী অনুসৰি, ইতিমধ্যে মৃত্যুবৰণ কৰা দলৰ প্ৰতিষ্ঠাপক তথা পৰৱৰ্তী সময়ত বিশেষ অৱদান আগবঢ়োৱা প্ৰয়াত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি কাৰ্যসূচী সম্পন্ন কৰিব। দক্ষিণ কামৰূপৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক সংগঠক তথা সাংবাদিক বিপুল দাসে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বুলি সম্পাদক দাসে জানিবলৈ দিয়ে।