logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

প্ৰতিদিন, ডিৱাই ৩৬৫ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিষোদ্গাৰক নিন্দা অসম ৰাজ্যিক কৃষক সভাৰ

১১ এপ্ৰিল, ২০২৬ : "অসমৰ নিৰপেক্ষ সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাবুকিৰ বিৰুদ্ধে ৰাজ্যৰ গণতান্ত্ৰিক -সংগঠনসমূহ প্ৰতিবাদত সোচ্ছাৰ হৈ উঠিছে৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অসহিষ্ণুতা আৰু প্ৰতিহিংসা পৰায়ণতা সংবাদ মাধ্যমৰ লগতে জনসাধাৰণৰ সংবিধান প্ৰদত্ত বাক স্বাধীনতাৰ ওপৰতো প্ৰত্যক্ষ আক্ৰমণ৷ বিজেপি মিত্ৰজোটৰ বিগত দহ বছৰৰ শাসনে জনসাধাৰণৰ আন্দোলন কৰাৰ অধিকাৰ ওপৰত বহু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল৷ পুনৰ শাসন ক্ষমতালৈ আহিলে সংবাদ মাধ্যমৰ লগতে কৃষক, শ্ৰমিক, ছাত্ৰ, যুৱ, নাৰী প্ৰমূখ্যে সকলো অংশৰ অধিকাৰ যে আক্ৰান্ত হ’ব, সেয়া অসমীয়া প্ৰতিদিন, ডি ৱাই ৩৬৫, নিউজ নাওৰ দৰে নিৰপেক্ষ সংবাদ মাধ্যমক ‘যিকোনো পৰ্যায়লৈ’ গৈ প্ৰতিহিংসা পূৰণ কৰাৰ ভাবুকিৰ পৰা স্পষ্ট হৈছে৷" অসম ৰাজ্যিক কৃষক সভাই সভাপতি টিকেন দাস আৰু সম্পাদক গজেন বৰ্মন স্বাক্ষৰিত এক বিবৃতি যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকি আৰু প্ৰতিহিংসাপৰায়ণতাক তীব্ৰ নিন্দা কৰিছে, নিৰ্বাচন আয়োগক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰু লগতে গণতন্ত্ৰত বিশ্বাসী সকলো দল-সংগঠনক মুখ্যমন্ত্ৰীৰ স্বৈৰাতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহবান জনাইছে৷

21
947 views

Comment