গনতন্ত্রৰ উৎসৱ
আজি অসমত গনতন্ত্ৰৰ উৎসৱৰ দিন—ভোটদানৰ দিন। এই পবিত্ৰ দায়িত্বৰ মাজেৰে আমি আমাৰ নিজ নিজ অঞ্চলৰ উন্নয়নৰ বাবে যোগ্য আৰু দক্ষ প্ৰতিনিধি নিৰ্বাচন কৰাৰ সুযোগ পাওঁ। ভোট হৈছে নাগৰিকৰ শক্তি, আৰু এই শক্তিৰ সঠিক ব্যৱহাৰে আমাৰ ৰাজ্যৰ ভৱিষ্যৎ গঢ়ি তোলে।
প্ৰতিজন ভোটাৰৰ কৰ্তব্য হৈছে সচেতনভাৱে আৰু বিবেকৰ সৈতে ভোটদান কৰা। উন্নয়ন, শিক্ষা, স্বাস্থ্য, পথ-যোগাযোগ আদি ক্ষেত্ৰত আগবঢ়াব পৰা, সততা আৰু দায়িত্ববোধ থকা প্ৰতিনিধিক বাচি লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ।
আহক, আমি সকলে মিলি এই গনতন্ত্ৰৰ উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোঁ আৰু আমাৰ ভোট অধিকাৰৰ সঠিক ব্যৱহাৰ কৰোঁ। এখন শক্তিশালী, উন্নত আৰু সুস্থ সমাজ গঢ়িবলৈ আপোনাৰ এটা ভোটেই যথেষ্ট প্ৰভাৱ পেলাব পাৰে।