পৰি দেশ
আছা ক'ত
বহু দিন হ'ল দেখা
তোমাক নাই।
আছা হেনো পৰি দেশত
শুনিছোঁ নিৰৱে
নিয়তিৰ নিয়ম মানি
আছা তুমি সুখত।
বিচাৰিছোঁ মই
হৈছোঁ ব্যাকুল
কৰিছোঁ বিধ্বস্ত।
তোমাৰ চাগে উঠিছে খং
কৈছা আহিছোঁ নিজে
তই হবি কিয় উম্মাদ।
পাহৰিলি চাগে
মোৰ প্ৰবাদ
আনিছ সকলোতে
কিয় প্ৰভেদ।
নকৰোঁ তাত আৰু
মই প্ৰবেশ।
প্ৰকৃতিৰ প্ৰকৃত
বিনন্দীয়া ৰূপ
হ'ল আজি সলনি
হ'ল বিধ্বস্ত।
তাতে মানুহবোৰ
হৈ পৰিল বৰ্বৰ।
বৰ্বৰ মানে বৰপুত্ৰ আৰু
বৰজীয়ৰি কথা কৈছা নেকি ?
বৰজীয়ৰি দেখিছিলো ভক্তি
আছিল তাত বিৰক্তি
আহিছিল তাতে উচতনি।
কৰিলে তোমাক অৱনতি
হ'ল তোমাৰ অৱসান ।
বৰপুত্ৰৰ বিৱৰণ নাপায়
কোনেও সম্ভাষণ।
নজনাই কাকো স্বাগতম
নহয় বোলে
তাৰ সেইয়া নিয়ম।
নোৱাৰিব কৰিব অভিযোগ
আহি যায় তাৰ অভিমান।
আছে তাতে তাৰ স্বাভিমান
হৈ পৰে উম্মাদ।
বৰ পুত্ৰ হয় সি অবুজ।
দিয়ে তাক বুজনি
কৰে সি আমনি।
নাপায় তাৰ ওচৰত
কোনেও পৰম সুখ ।
প্ৰকৃত বৰ্বৰ
নহয় প্ৰকাশ।
আছে লুকাই
নহ'লে নাথাকিব
তাৰ অৱকাশ।
আহিব অন্ধকাৰ
নহয় তাতে
মই নিবিকাৰ।
কৰিছোঁ তুমাক
বিচাৰি হাহাকাৰ।
আছে বন্ধু কৈছে
হৈছে মোৰ বিকাৰ
নাই মোৰ বিচাৰ ।
হৈ যাওঁ ভূত
কৰোঁ মই অদ্ভুত ।
আচলতে
মাতিছে মিথ্যা চাৰ
কৰিছে ধেমালি
নকৰিবা চিন্তা।
আচলতে নহয়
বন্ধু হয় বৰ্বৰ।
দিয়ে অভিশাপৰ
ওপৰত অভিশাপ।
বিচাৰিছে কৈছে
নহবি কিয় ধ্বংস ।
অকল অভিশাপ
নালাগে ভাল।
কৰে অভিযোগ
লাগে অভিনন্দন
পায় কিন্তু নিন্দা।
নিদিওঁ তাতে আনন্দ
কৰোঁ অসভ্যালি
নকৰিলে তোমাৰ খবৰ।
ভাবিছে নিজকে বৰ্বৰ
হয় কিন্তু তাতকৈ
ওপৰত বাবৰ।
আছে তোমাৰ বাণী
দিবি অভিশাপ।
আহিব ঘূৰি
আছে ঈশ্বৰ
আছে দৃষ্টি।
নাভাবি অন্ধ
হ'ব তোৰ নিজৰেই ধ্বংস ।
সেইয়ে অভিশাপ
নকৰোঁ ভয়।
ওখ ওখ মানুহে দিছে
হাজাৰ হাজাৰ অভিশাপ।
আছে মোৰ ওপৰত
লাখ লাখ অভিযোগ।
নকৰোঁ মই খণ্ডন
পাবা তুমি বেয়া।
কৰিব লাগিব
মোক ক্ষমা ।
নহ'লে আহি যাব
মোৰ ধুমুহা
হব মোৰ পতন ।
হওঁ মই শান্ত
নহও মই অশান্ত ।
নকৰে বিশ্বাস
কৰিছে বদনাম
লাগে সম্মান
কৰিছোঁ অপমান।
কৰিলে ষড়যন্ত্ৰ
হ'ল তোমাৰ অন্ত।
তাতে আহিছিল
তোমাৰ বাধক্য ।
নাছিল সেইয়া
তোমাৰ সহজসাধ্য।
কৰিছা তূমি
সকলোকে ক্ষমা।
কৈছা তুমি নকৰিবি তই ড্ৰামা
নকৰিবি ধ্বংস।
নহয় সেইয়া
মোৰ দিশ নিদৰ্শন।
নকৰিবি তাক তই অৰ্জন
নাছিল মোৰ ভজন।
হৈছে কিয় তই অবুজন
নকৰিবি চিন্তা
আছোঁ মই কাষত।
লম মই সাৱটি
আহিলে আঁতৰিব বিপদ।
নাই ইয়াত কোলাহল
নকৰে কৌতুক
নহয় কোনো
ইয়াত অৰাজক ।
নচলাই অত্যাচাৰ
নাই মোৰ অশান্তি
পাইছোঁ শান্তি ।
দিছে পুৰস্কাৰ
দিছে পৰামৰ্শ
কৰিছোঁ মই
সকলো সম্পূৰ্ণ ।
নিৰৱ হবলৈ শিক
মই নিৰৱতাৰ
বাবে পাইছে
ইয়াতো সম্মান
নকৰে কোনেও অপমান।
ছৈয়দ মহচিন।