নিৰ্বাচন আহিব যাব
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে। ৰাজ্যজুৰি ৰাজনৈতিক পৰিবেশ উত্তেজনাপূৰ্ণ হৈ পৰিছে। বিভিন্ন দলৰ নেতাসকলে উদাত্ত কণ্ঠৰে ভাষণ দি ভোটাৰসকলক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সভা-সমিতিত উন্নয়ন, প্ৰতিশ্ৰুতি আৰু অভিযোগৰ ধ্বনি বাঢ়িছে।
কিন্তু এই উত্তেজনাৰ মাজতেই একাংশ লোকৰ মাজত অশান্তিৰ পৰিস্থিতি সৃষ্টি হৈছে। কিছুমানে নেতাসকলৰ ভাষণ শুনি আবেগিক হৈ পৰি প্ৰতিবেশীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈছে, যি কেতিয়াবা কাজিয়ালৈ ৰূপান্তৰিত হৈছে। সামাজিক সম্প্ৰীতিৰ ওপৰত এই ধৰণৰ আচৰণে নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
সচেতন মহলে আহ্বান জনাইছে যে নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ, ইয়াক শান্তিপূৰ্ণ আৰু সদ্ভাৱনাৰে পালন কৰা উচিত। মতভেদ থাকিব পাৰে, কিন্তু সেইটো আলোচনা আৰু বুজাবুজিৰ জৰিয়তে সমাধান কৰাটো সকলোৰে দায়িত্ব।