logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

"নেতাৰ প্ৰৰোচনাত শান্তি-সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান"

আছাদুদ্দিন ওৱেছি অসমৰ খিলঞ্জীয়া মুছলমানৰ অভিভাৱক নহয় বুলি স্পষ্টভাৱে সকীয়াই দিলে সংখ্যালঘু ৰাইজে। তেওঁলোকৰ মতে, বাহিৰৰ ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক মন্তব্যই অসমৰ দৰে বহু-জাতি, বহু-ধৰ্মীয় সমাজত অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেয়ে এনে ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।
সংখ্যালঘু সমাজে জনায় যে খিলঞ্জীয়া মুছলমানে নিজৰ সমস্যা, নিজৰ পৰিচয় আৰু নিজৰ ভৱিষ্যতৰ বিষয়ে নিজেই সিদ্ধান্ত ল’ব। অসমৰ সামাজিক ঐক্য আৰু সম্প্ৰীতি ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলিও তেওঁলোকে উল্লেখ কৰে।
এই সন্দৰ্ভত সকলো পক্ষক সংযম অৱলম্বন কৰি মিলি-জুলি থাকিবলৈ আহ্বান জনোৱা হৈছে, যাতে ৰাজ্যখনত কোনো ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি নহয়।

15
299 views

Comment