logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

"বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেইছিক সাৱধানবাণী"

ধৰ্মীয় বিভাজনৰ ৰাজনীতিৰ পৰা আঁতৰি উন্নয়নৰ বিষয়ক লৈ ৰাইজৰ মাজলৈ যাবলৈ আহ্বান জনাইছে সংখ্যালঘু সমাজে। হিন্দু-মুছলিমৰ নামত ৰাজনীতি কৰাৰ পৰিৱর্তে শিক্ষা, স্বাস্থ্য, কর্মসংস্থাপন আৰু মৌলিক সুবিধাসমূহ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ দাবী উত্থাপন হৈছে।

সংখ্যালঘু ৰাইজে স্পষ্টকৈ কৈছে যে সাম্প্ৰদায়িক বক্তব্য আৰু বিভেদমূলক মন্তব্যই অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু একতাক আঘাত কৰে। এনে মন্তব্যৰ জৰিয়তে ৰাজনৈতিক লাভ বিচৰা উচিত নহয় বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।
এই প্ৰেক্ষাপটত, ৰাজনৈতিক নেতাসকলক সংযমী হবলৈ আহ্বান জনোৱা হৈছে। বিশেষকৈ বদৰুদ্দিন আজমল আৰু আছাদউদ্দিন ওৱেছীৰ দৰে নেতাসকলক সাম্প্ৰদায়িক মন্তব্য পৰিহাৰ কৰি সকলো জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কোৱা হৈছে।

ৰাইজৰ আশা—অসম শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ পথত আগবাঢ়ি যোৱাতো, য’ত সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোক একেলগে আগুৱাই যাব পাৰে।

10
906 views

Comment