logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

দলগাঁও সমষ্টিত পুনৰাবৃত্তি হব নেকি ২০০৬ৰ ইতিহাস?

দলগাঁও বিধানসভা সমষ্টিত পুনৰায় ২০০৬ চনৰ দৰে চমক দেখিবলৈ পোৱা যাব নেকি—এই প্ৰশ্নই এতিয়া ৰাজনৈতিক মহল উত্তপ্ত কৰি তুলিছে। উল্লেখযোগ্য যে ২০০৬ চনৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ইলিয়াছ আলীয়ে জয়লাভ কৰিছিল, যি ঘটনাই সমষ্টিটোৰ ৰাজনীতিত এক বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।

এইবাৰ সমীকৰণ কিছু ভিন্ন। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হোৱাৰ পাছত ৰাইজৰ দলে আজিজুৰ ৰহমানক প্ৰাৰ্থীত্ব দিছে। কিন্তু তেওঁ স্থানীয় নহয় বুলি অভিযোগ উত্থাপন হোৱাত ৰাইজৰ মাজত গ্ৰহণযোগ্যতা লৈ সন্দেহ দেখা গৈছে। আনহাতে কংগ্ৰেছৰ কিছু সমৰ্থকে আইনুল হকক নিৰ্দলীয় প্ৰাৰ্থীৰূপে আগবঢ়াইছে, যাৰ ফলত ভোট বিভাজনৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এ আই ইউ ডি এফৰ প্ৰাৰ্থী মাজিবৰ ৰহমানৰ বিৰুদ্ধে সমষ্টিত উন্নয়নমূলক কাম নকৰাৰ অভিযোগ উঠিছে। তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী কৃষ্ণা সাহাও নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা অব্যাহত ৰাখিছে।
এই সকলো দিশ বিবেচনা কৰিলে, এইবাৰ দলগাঁও সমষ্টিত বহু-মুখী প্ৰতিযোগিতা দেখা যাব বুলি স্পষ্ট। ভোট বিভাজন আৰু স্থানীয়তা ইস্যুৱে ফলাফলত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
সেয়ে ২০০৬ৰ দৰে আকস্মিক ফলাফল পুনৰ দেখা যাব নেকি, সেয়া সময়েই নিৰ্ধাৰণ কৰিব।

14
940 views

Comment