logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আল্লা ভগৱান।

আল্লা ভগৱান
হোৱা তুমি সমান।
আছে তোমাৰ বিচাৰ
ভাবা তুমি
সকলোকে সমান।
পায় কিন্তু দৰিদ্ৰ আৰু
সৎজনে অপমান।


নাই তাত
তোমাৰ আপত্তি।
নাই তাত
তোমাৰ অভিযোগ।
আছে কিন্তু লিখা
তোমাৰ অভিধানত।

সৎ কৰ্মত আছে সততা
দিম তাত মই পুৰস্কাৰ।
নকৰিবা তোমালোকে
তাক অস্বীকাৰ।
লাগিছে আজি
সেইয়া তোমাৰ
মিথ্যা চাৰ।

নাপাওঁ কিন্তু কতো
আজি তোমাৰ
সৃষ্টিৰ এনে আৱিষ্কাৰ।
পায় দৰিদ্ৰই
কেৱল তিৰস্কাৰ
কৰে দিয়ে
তাতে সকলোৱে
সিহঁতক বহিষ্কাৰ।



নাই দেখোন
তোমাৰ বিচাৰ
হ'লগৈ দেখোন
আজি সকলো ওলোটা।
সৎ জন গৈছে সৰ্বহাৰাত
অসৎজন হৈছে অৰাজক।

নাপাওঁ তাত
তোমাৰ অৱকাশ।
সাজিছে তাতে
অসৎজনে অট্ৰালিকা
হৈছে গৈ
সেইয়া আকাশলংঘী।
কৰিছে তাতে বেমেজালি
লৈছে সকলোৱে আকোঁৱালি।

দাদা কয় সেইয়া
তোমাৰ বহুৱালি।
পাইছে তাতে অসৎজনে
সকলোতে সম্মান।
নাই তাত
তোমাৰ অভিযোগ।


কৰিছা নেকি সকলোতে
আজি তুমি অভিনয়।
নাপায় আজি কিয়
দৰিদ্ৰ আৰু
সৎজনে বজাৰত দাম।
কৰিছে তাতে দৰিদ্ৰই
খাদ্যৰ বাবে হাহাকাৰ।

নকৰা তাত সহায়
নকৰা তুমি উপকাৰ
নিদিয়া তুমি উপহাৰ।
কৰা তুমি অৱহেলা
চলাইছা তাতে অত্যাচাৰ।


আছে দৰিদ্ৰৰ তাতে
তোমাৰ প্ৰতি
অগাধ ভক্তি।
নোহোৱা তুমি
তাত মুগ্ধ।
নকৰা তুমি সিহঁতক
সমস্যা মুক্ত।
হৈছাগৈ তুমি অন্ধ।



কৰি দিছা
কেৱল দৰিদ্ৰৰ
সকলো পথ বন্ধ।
সময়ৰ সোঁতত
আল্লা ভগৱান
হলা নেকি সলনি।
কৰিছা নেকি
দৰিদ্ৰক আৰু
সৎজনক আমনি।


হ'ব কিন্তু সেইয়া
তোমাৰ বেইমানি।
আহিব আমাৰ অভিমান
চলাম আমি অভিজান।
কৰিম আমি
নিজেই সমাধান।
নাথাকিব তোমাৰ অস্তিত্ব
হবগৈ তোমাৰ সমাপ্তি।ছৈয়দ মহচিন।

231
1727 views

Comment