বাসন্তী পূজা, চান্দকুছি, নলবাৰী
নলবাৰীৰ চান্দকুছি স্থিত বাসগৃহত অনুষ্ঠিত বাসন্তী পূজাত আজি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি মাননীয় জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ বাসগৃহত আয়োজন কৰা এই পূজাত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ সদস্য সচিব তথা অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে উপস্থিত থাকি দেৱী দূৰ্গাৰ শ্ৰীচৰণত সেৱা জনায়।
উপস্থিত ভক্তবৃন্দে একেলগে পূজা-অৰ্চনা কৰি ৰাজ্যৰ শান্তি, উন্নতি আৰু জনকল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।
#BasantiPuja #Nalbarī #Assam #DurgaPuja