মিহি
মিহি
মিহিৰ পথত
নকৰিবা যাত্ৰা।
নাযাবা তুমি
তেনে পৰিবহনত।
নহ'ব তোমাৰ
জীৱন পৰিবৰ্তন।
ক্ষন্তেকীয়া সুখত
নলবা এনে মিহিৰ
সুগম পথ।
হ'বগৈ তোমাৰ
জীৱন দুৰ্গম।
আছে আজি
সকলোতে বিষম।
নহবাগৈ ক'তো
তুমি সক্ষম।
কৰিব লাগিব আজি
সকলোতে প্ৰতিযোগিতা ।
থাকিব লাগিব
তাত তোমাৰ পৰিশ্ৰম।
দেখাব লাগিব পৰাক্ৰম
হ'ব লাগিব ব্যত্তিক্ৰম
তেহে পাবা পাৰিশ্ৰামিক।
যদি লোৱা মিহিৰ পথ
নোৱাৰিবা জীৱন
কৰিব অতিক্ৰম।
হ'ব তোমাৰ
সকলোতে ব্যত্তিক্ৰম।
নাপাবা বিচাৰি
তুমি ক'তো
আজি সহজ সুলভ
মিহিৰ পথ।
লাগে সকলোকে
আজি সুদক্ষজন ।
পাবা
তেহে তুমি
সকলোতে সুৰক্ষা।
মিহিৰ পথত
পাবা মাদতকতা।
ৰাখিবা মনত
পাব তাত
সকলোৱে সাৰ্থকতা।
নহবা তাত
তুমি সফল
হবাগৈ তুমি বিফল।
হবা তুমি বিস্ফোৰিত
কৰিব তোমাক
তাত বিছিন্ন ।
নাপাবা তুমি
তাত আসন।
নাথাকিব তোমাৰ অস্তিত্ব।
নকৰিবা তুমি
এনে পথৰ সন্ধান।
আহিব যাব পাৰে
তোমাৰ সামৰণি।
নহ'ব তাত
তোমাৰ আৰম্ভণি।
নিবিচাৰিবা তুমি
মিহিৰ পথ।
পাবাগৈ তুমি
সকলোতে অসম্ভৱ।
হ'বা তুমি অসফল
আহিব তোমাৰ বিৰক্তি ।
নাপাবা বিচাৰি
কৰ্মত আসক্তি ।
নহয় আজি
মেদেনি মিহিৰ ।
নকৰে তোমাক
আজি কোনেও সমীৰ।
নলবা মিহিৰ পথ
নহয় সেইয়া
সঠিক পথ।
আছে আজি
মেদেনিত মানুহ
নহয় সেইয়া আপোন।
কৰিব কেৱল তাত
তোমাক সমীকৰণ।
নাপাবা তুমি
সমাধানৰ পথ।
নকৰিবা তেনে মিহিৰ
পথত কৰ্ম।
নহয় মিহিৰ
আজি পৃথিৱী।
আছে আজি
সকলোতে জটিলতা।
আছে তাতে
জাত পাত।
হ'ব তাতো
হিচাপে নিকাচ।
নাপাবা তুমি বিচাৰি
কেৱল মিহিৰ
পথত আশ্বাস।
হেৰুৱাবগৈ তুমি
সকলোতে বিশ্বাস।
নলবা জুতি
নলবা সুস্বাদ
তেনে পথৰ
পাবা তুমি
সকলোতে পাৰ্থক্য।
আহিব তোমাৰ
সকলোতে বিচূতি।
নাপাবা তুমি বিভুষণ
নহবা তুমি আকৰ্ষিত
নাপাবা ক'তো আকৰ্ষণ
কৰিব তোমাক
সকলোতে নিষ্কাষণ।
নহ'ব তোমাৰ
কতো পঞ্জীকৰণ।
হ'ব তোমাৰ
মিহিৰ পথত
কেৱল বশীকৰণ। ছৈয়দ মহচিন।