logo

##আৰিমাৰী গাওঁ পঞ্চায়তৰ এম জি এনৰেগা আঁচনি খিৰতী গাইত পৰিনত ।##পঞ্চায়তে পঞ্চায়তে ধন ঘটাৰ

GFX 

##আৰিমাৰী গাওঁ পঞ্চায়তৰ এম জি এনৰেগা আঁচনি  খিৰতী গাইত পৰিনত ।

##পঞ্চায়তে পঞ্চায়তে ধন ঘটাৰ আহিলা হৈছে এনৰেগা আঁচনি  ।

## নামমাত্ৰ   কাম কৰি  সৰকাইছে লাখ লাখ টকা ।

##ৰাইজৰ চকুত ধূলি দি জনপ্ৰতিনিধিয়ে গঢ়িছে সম্পত্তিৰ পাহাৰ ।

Anchor =

যতেই এনৰেগা আঁচনি তাতেই দুৰ্নীতি । বৰ্তমান খিৰতী গাইত পৰিনত হৈছে এমজি এনৰেগা আঁচনি ।  এটাৰ পিছত আন এটা এমজি এনৰেগা  আচঁনিৰ  নামত লাখ লাখ টকা আবন্টন দিয়া হৈছে যদিও উন্নত  হোৱা নাই বহু পঞ্চায়তৰ  বাট পথ । এনে দৃশ্যই পৰিলক্ষিত হৈছে  দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত  আৰিমাৰি গাও পঞ্চায়তত ।  পঞ্চায়ত খনৰ অন্তৰ্গত বদলি বৰালি গাৱত ২০২০-২১ বৰ্ষত এগ্ৰিবান্ধ ফ্ৰম গুনোৰ আলী হাউছ টো আক্কেল আলী  লৈ যোৱা পথটো নিৰ্মাণৰ নামত এমজি এনৰেগা আঁচনিৰ অধীনত বিভাগীয় ভাৱে  আৱন্টন দিয়ে আট লক্ষ্যাধিক টকা ।  উক্ত আবন্টিত ধনেৰে প্ৰাককলন জলাঞ্জলি দি  নামমাত্ৰ -কাম কৰি  পথটো অৰ্ধ নিৰ্মিত কৰি সিংহভাগ ধন আত্মসাত কৰি দায়িত্ব সামৰে  পঞ্চায়ত খনৰ  প্ৰতিনিধিয়ে । একেদৰে মুনতাজ আলী হাউছ টো গুনোৰ আলী হাউছ লৈ  যোৱা পথটো নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰ অধীনত প্ৰায় ১০ লাখ টকা আৱন্টন দিয়ে । উক্ত পথচোৱা   নিৰ্মাণৰ নামতো সংঘটিত কৰে ব্যাপক দুৰ্নীতি । উল্লেখযোগ্য যে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ বিষয়াৰ বাবে আৰিমাৰি গাও পঞ্চায়তত  এনৰেগা আচঁনি ৰূপায়নৰ  নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি অনিয়ম । পঞ্চায়ত খনত ৰূপায়ন কৰা আচঁনিৰ  সঠিক আৰু নিৰপেক্ষ তদন্ত কৰিলে পোহৰলৈ আহিব পঞ্চায়তৰ সচিব , জি আৰ এচ, জে ই আৰু জনপ্ৰতিনিৰ কৰ্মকাণ্ড । সেয়ে  স্থানীয়  ৰাইজে বিচাৰিছে সঠিক আৰু নিৰপেক্ষ তদন্ত । খণ্ড উন্নয়ন বিষয়াই সঠিক আৰু নিৰপেক্ষ তদন্ত ঘোষণা কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব । 

দলগাওঁ পৰা হাছান আলী

0
14663 views