logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

চাহাৰা ইণ্ডিয়া পৰিবাৰ কেনেকৈ চাহাৰা ইণ্ডিয়া পৰিহাৰ হ'ল।

চাহাৰা ইণ্ডিয়া পৰিবাৰ। চাহাৰ ইণ্ডিয়া পৰিবাৰ জম্ম হৈছিল 1978 চনত উত্তৰ প্ৰদেশৰ গুৰখাপূৰত।এই কোম্পানী মালিক বা স্বতাধিকাৰী আছিল সুব্ৰত ৰয়।সুব্ৰত ৰয়ৰ জীৱন সৰল নাছিল কাৰণ দেউতাকৰ অকাল তথা হথাৎ মৃত্যু হোৱাত সেই কিশোৰটোৰ ওপৰত যথেষ্ট দায়িত্ব আহি পৰিছিল। কিন্তু সকলো দোষৰ মাজতে নিজক নিয়ন্ত্ৰণ কৰি পৰিয়ালৰ প্ৰতি প্ৰতিজ্ঞা বদ্ধ হৈ সুন্দৰ ৰূপত পৰিয়াল চলাই নিছিল যদিও ফেৰি ৱালা দৰে কাম কৰিছিল । যিহেতু মনত পৰিয়ালৰ প্ৰতি প্ৰেম ঈশ্বৰ প্ৰতি পৰম ভক্তি আৰু সমাজ প্ৰতি দায়বদ্ধতা সেতু সকলোতে সাফল্যৰ মুখ দেখিছিল। সাধাৰণ ফেৰিৱালা পৰা ভাৰতীয় ক্ৰিকেট আৰু হকী টিমৰ স্পনছৰ হৈ পৰিছিল। প্ৰথমে অৰ্ধ শতকৰো কম 42 জনীয়া এটা সৰু গ্ৰাহকৰ যোগেদি গোটেই ভাৰতীয় জুৰি বিখ্যাত হৈ পৰা মানুহজনেই সুব্ৰত ৰয়। সুব্ৰত ৰয় মিত্ৰ বোলি ক'লে দেশৰ দৰিদ্ৰ জনসাধাৰণ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়। সুব্ৰত ৰয়ৰ মিত্ৰতাত ভাৰত বৰ্ষৰ বহু পৰিয়ালৰ জীৱনলৈ হাহিঁ ঘূৰি আহিছিল।হথাৎ যেন 2011চন ধৰিত্ৰীলৈ নামি আহিল দানৱ হ'ল সকলো ধ্বংস।তাৰ পিছত আদালতলৈ অহা যোৱা শেষত তিহাৰ জেলত দুবছৰ । এনেদৰে 2023 চনত হথাৎ অকাল মৃত্যুক সাৱটি লৈ সুব্ৰত ৰয়ে চিৰঞ্জীৱ হৈ চিৰ জীৱনৰ বাবে আমাৰ পৰা বিদায় মাগে।ভূল শুদ্ধ সকলোতে আছে কিন্তু হথাৎ চৰকাৰ অৰ্ধ নিষিদ্ধ চাহাৰাৰ প্ৰতি সিদ্ধান্তই যেন বহু যুৱকৰ উপাৰ্জন পথ একেবাৰে শেষ কৰিলে। ইমান ডাঙৰ এটা প্ৰতিষ্ঠান তাত এজন ব্যক্তিৰ বাবে সকলো শেষ সেইয়া শুদ্ধ হ'ব নোৱাৰে। আজি চাহাৰা ইণ্ডিয়া পৰিবাৰ গুচি চাহাৰা ইণ্ডিয়া পৰিহাৰ পৰ্য্যায় লৈ গুচি গ'ল। বস্তবোৰ তেনেকুৱা হোৱা অনুচিত।ছৈয়দ মহচিন।

18
781 views

Comment