সন্ধিয়া
সন্ধিয়া।
সন্ধিয়া সময়
নাই তাত যেন
আজি দৰিদ্ৰ
অসহায় জনৰ বাবে
ভাবিবৰ সময়।
গৈছে সকলোৱে
কৰিছে নিজ
পথত যাত্ৰা।
হয়তো কোনোবা
হৈছে ঘৰমূহা।
আনকোনাবাই বিচাৰিছে
দিনটোৰ শেষত হওঁক
অলপ অৱসাদৰ অৱসান।
সেইয়ে গৈছে
কৰিছে যাত্ৰা
মাৰিছে আদ্দা
আছে তাতে সিহঁতৰ ভাত্তা।
নালাগে তাতে
সিহঁতে কৰিব কৰ্ম।
আছে তাতে সিহঁতৰ ধৰ্ম।
হয় সিহঁত ধাৰ্মিক
হয় তাতে সিহঁত আঢ্যৱন্ত
নাই তাতে সিহঁতৰ অভাৱ।
থাকে কিন্তু সিঁহতৰ
কেৱল অভিযোগ।
কৰে তাতে অভিমান
চলাই তাতে ভ্ৰাম্যমাণ।
হয় কিন্তু
সঁচাকৈয়ে সামৰ্থ্যবান।
আছে সিহঁতৰ ধন
কৰে সিহঁতে ৰণ।
নকৰে সিহঁতে কাকো সম্মান।।
হোৱা যদি দৰিদ্ৰ
নাপাবা তুমি তাত দাম।
নাযাবা তুমি ভূলতো তাত
দিব তোমাক অপমান
নিব তোমাৰ সম্মান।
কৰিব তোমাক
অশালীন আচৰণ।
আহিব তোমাৰ অশান্তি
নাপাবা ক'তো প্ৰশান্তি।
আছে সিহঁতৰ
প্ৰসাদসম অট্ৰালিকা।
নাপাব অনুমান
নকৰিব অনুভৱ
হয় তুমি মানৱ।
নহয় তুমি অসুৰ।
আছে সিহঁতৰ দৃষ্টি
নাই সিহঁতৰ কৃষ্টি
দিব কেনেকৈ
তোমাক কৃতজ্ঞতা।
আহিব তাত কৰ্কথনা
দেখিব তোমাৰ
মলিয়ন কাপোৰ।
বুজি পাব সিহঁতে কেৱল
নহয় তুমি মিলিয়নাৰ ।
হয় তুমি মগনীয়া
নহয় ভগনীয়া।
আছে আজি
সকলোতে বিভেদ
পায় তাতে কেৱল
সকলোৱে
ধনী দুখীয়াৰ প্ৰভেদ।
হোৱা তুমি পৰিস্কাৰ
নাই তোমাৰ
পাৰ্থিৱ সম্পদ।
হ'ব সেইয়া পরিস্ফুত।
হ'ব সিহঁত অতিষ্ঠ
বনাই দিব
তোমাক নিকৃষ্ট।
নাযাবা সন্ধিয়াৰ আদ্দাত
নকৰিবা যাত্ৰা
নকৰিবা তাত প্ৰবেশ
আছে য'ত
ধন দুখীয়াৰ প্ৰভেদ।
নহ'লে আহি
যাব পাৰে বিভেদ
হৈ যাব পাৰে বিবাদ
কৰি দিব
কেৱল তোমাৰেই বদনাম।
নাই তাত তোমাৰ অনুগত
কৰি দিব কেৱল তোমাৰ
মনক ক্ষতবিক্ষত।
ভাবিছা তুমি
হয় সম্ভ্ৰান্ত।
হ'ব সহায়ক
কৰিব সহায় অফুৰন্ত।
হয় সেইয়া
কেৱল অবান্তৰ।
নাপায় বুজি
তোমাৰ অবুজ মন।
হ'বগৈ তোমাৰ বিয়োজন
নহ'ব তাত
কেতিয়াও সংযোজন।
কৰি যাব
কেৱল বৰ্ষ জূৰি
হৰ্ষ উল্লাস।
নহ'লে আহি
যাব পাৰে নিশ্বাস
নাথাকিব পাৰে জীৱন।
ছৈয়দ মহচিন।