ন্যায়ৰ পক্ষে, সাম্প্ৰদায়িক বিভাজনবাদী তথা স্বৈৰাচাৰী শক্তিক পৰাস্ত কৰাৰ পক্ষে ভোটদান— এক বিশেষ পোষ্ট।
২০ মাৰ্চ, ২০২৬ :: অসম বিধানসভাৰ নিৰ্বাচন সমাগত। চলিত বৰ্ষৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ন্যায়ৰ পক্ষে ভোটদান কৰাটো প্ৰতিগৰাকী সচেতন নাগৰিকৰে কৰ্তব্য হিচাপে দেখা দিছে। সম্প্ৰতি শাসকীয় দল আৰু চৰকাৰৰ স্বৈৰাচাৰীতা, গুৰু-গোঁসাই নমনা বদ্-স্বভাৱৰ ফলত ৰাজ্যখনৰ শান্তি-শৃংখলা বিঘ্নিত হৈছে। শ্ৰমিক-কৰ্মচাৰী-কৃষক সমন্বিতে সমগ্ৰ শ্ৰমজীৱী মানুহৰ দুৰ্দশা সীমাহীন হৈছে। সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা জাপি দি, সাধাৰণ মানুহক দখলীকৃত ভূমিৰ পৰা যধে-মধে, অমানৱীয় তথা দানৱীয়ভাৱে উচ্ছেদ কৰিছে অথচ মুনাফালোভী পুঁজিপতি বণিয়া গোষ্ঠীৰ হাতত এটকা বিঘাত হাজাৰ হাজাৰ বিঘা মাটি তুলি দিছে। গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সংবিধান ভুলুণ্ঠিত হৈ পৰিছে। প্ৰায় দহ সহস্ৰাধিক ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংস কৰিছে। ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান বন্ধ কৰিছে বা বিক্ৰী কৰিছে। স্বতন্ত্ৰ চৰকাৰী অনুষ্ঠানসমূহ শাসনাধিষ্ঠিত দলৰ আজ্ঞা পালন কৰা যন্ত্ৰত পৰিণত কৰি তোলা হৈছে। এনে দুৰাৱস্থা আঁতৰাবলৈকে শাসনাধিষ্ঠিত ৰাজনৈতিক শক্তিক পৰাস্ত কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আশাৰ বতৰা যে আদৰ্শগত পাৰ্থক্য স্বত্বেও বিৰোধী ৰাজনৈতিক দলসমূহ অৱশেষত ঐক্যবদ্ধ হৈছে আৰু প্ৰধান বিৰোধী দলটিৰ মাজত লুকাই থকা শাসনাধিষ্ঠিত দলৰ গুপ্তচৰসকলে দলত্যাগ কৰিবলৈ বাধ্য হৈছে। গতিকে অসমবাসী গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ জনসাধাৰণে সামূহিক স্বাৰ্থক প্ৰাধান্য দি বিৰোধী ঐক্য মঞ্চৰ মনোনীত, সমৰ্থিত প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰাৰ মাজেৰে অসমত গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ এখন প্ৰতিষ্ঠা কৰাৰ সুযোগ সৃষ্টি হৈছে।