logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ডোপামিন ডিটক্ম আৰু ডিচিপিলিন

ডোপামিন হৈছে এটি হৰমণ যাক সুখী হৰমণ বোলি কোৱা হয়।ডোপামিনে আমাৰ ভাল লগা আত্মসন্তষ্টি তাক অনুভৱ কৰাত সহায় কৰে।ডোপামিনৰ সম্বন্ধ সাধাৰণতে, নিউট্টেন্সমিটাৰ সৈতে।ডোপামিনৰ পৰিমাণ হ্ৰাস বৃদ্ধিয়ে আমাৰ মানসিক স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলায়।ডোপামিন সাধাৰণতে আমি যিবিলাক কাম কৰি অতিশয় সুখী হওঁ তাত ডোপামিন অত্যাধিক পৰিমাণে উৎপৰ্ণ হয়।ডোপামিনৰ পৰিমাণ বৃদ্ধি অতি ভয়ংকৰ যিদৰে হ্ৰাস মানে চৰম সংকটত মানসিক স্বাস্থ্য গতি কৰে।ডোপামিন পৰিমাণ বৃদ্ধি আমাৰ যি মনোযোগিতা তাত মনোনিবেশ কৰাত সম্পূৰ্ণ বাধা প্ৰাপ্ত কৰে। যিবিলাক কাম কৰি ভাল পাওঁ তাতে ডোপামিন উৎপন্ন হয়।যেনে ধৰক চচিয়েল মিডিয়াত বিভিন্ন বিভিঅ গান গেম আৰু পনগ্ৰ্যাফি নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য এইবোৰত সাধাৰণতে ডোপামিণ সৰ্বাধিক উৎপন্ন হয় আৰু হেভিটলৈ ৰূপান্তৰ হয়।ই আমাক অন্য দিশত অন্যমনস্ক কৰি তোলে আৰু আমাৰ জীৱন মসৃণতাৰ পৰা ক্ৰমান্বয়ে আঁতৰাই নিয়ে। ঠিক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ডোপামিন বৃদ্ধি হয় তেওঁ প্ৰিয় বিষয় বোৰত সৰ্বাধিক গুৰুত্ব দিয়া আৰু দুৰ্বল বিষয় বোৰক গুৰুত্বহীন কৰি তুলিলে ডোপামিন স্তৰ স্বাভাৱিক হৈ নাথাকে আৰু খেলি মেলিৰ সৃষ্টি হয়। গতিকে এনে ডপামিন ডিটক্ম বা ডিচিপিলিনৰ সহায় লৱ লগা হয়। শিক্ষাৰ্থীৰ ডোপামিন ডিটক্ম হিচাপে আপোনাৰ কৰণীয় হৈছে এটি জটিল বিষয় প্ৰথমে আয়ত্ব কৰিব চেষ্টা কৰিব লাগিব, তাৰ পিছত প্ৰিয় বিষয় আকৌ জটিল বিষয় এনে দৰে নেৰানেপৰাকৈ কৰিলে ডোপামিন ডিটক্ম বা ডিচিপিলনত পৰিণত হৈ এটা সময়ত ডোপামিনৰ ভাৰসাম্য সৃষ্টি হ'ব । ছাত্ৰ-ছাত্ৰী ভাল ফলাফল দেখুৱাত সহায়ক হ'ব। কিন্তু ডোপামিন সাংঘাটিক হ্ৰাস পালে বজাৰত পোৱা ঔষধ মানসিক ৰোগৰ চিকিৎসকৰ তত্বাৱধানত বিলম্ব নকৰি লোৱা উচিত নহ'লে হতাশাগ্ৰস্ততা বা বিষন্নতাই জীৱন বিপন্ন কৰি তোলিব। আনহাতে ডোপামিনৰ হ্ৰাসৰ কাৰণে আমি সাধাৰণতে যিবিলাক কৰ্মত সৰ্বাধিক উপযোগিতা পাওঁ তেনেধৰণৰ কৰ্ম উপভোগ কৰাৰ পৰা বিৰত থাকি অন্য দিশত আমাৰ মন ধাৱিত কৰিলে ডোপামিনৰ পৰিমাণে ভাৰসাম্য বজাই ৰখাৰ লগতে আমাৰ জীৱন স্বাভাৱিক কৰি তুলিব আৰু সফল হোৱাত সহায়ক হ'ব। ছৈয়দ মহচিন।

7
223 views

Comment