চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাৰ সময়ৰ শৰ
১৮ মাৰ্চ, ২০২৬ :: অসম বিধানসভাৰ নিৰ্বাচন-২০২৬ সমাগত। বিগত সময়ছোৱাত "শ্ৰমকোড" বাতিলৰ দাবীত চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নচ্ সহ শ্ৰমিক সংগঠনসমূহে ধাৰাবাহিক আন্দোলন সংগঠিত কৰিছে। শ্ৰমিক সংগঠনসমূহে অভিযোগ কৰিছে যে কেন্দ্ৰৰ শাসনত অধিষ্ঠিত চূড়ান্ত সাম্প্ৰদায়িক তথা স্বৈৰাচাৰী বিজেপি চৰকাৰে কেৱল উদ্যোগপতি মালিকৰ স্বাৰ্থসিদ্ধিৰ বাবেই সকলো প্ৰতিবাদ সত্ত্বেও শ্ৰমিক-কৰ্মচাৰীৰ স্বাৰ্থ বিৰোধী মাৰাত্মক শ্ৰমকোড কাৰ্যকৰী কৰিছে। ট্ৰেড ইউনিয়ন সমূহৰ ঐক্যমঞ্চই শ্ৰমকোড বাতিলৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে, আৰু আগন্তুক বিধানসভাৰ নিৰ্বাচনত স্বৈৰাচাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট প্ৰদান কৰিবলৈ সৰ্বস্তৰৰ শ্ৰমজীৱী গণতন্ত্ৰপ্ৰেমী নাগৰিকৰ প্ৰতি আহ্বান জনাইছে। তেনে সময়তে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই সময়ৰ শৰ মাৰিছে— "শ্ৰম সংহিতা (Labour Code) ৰাজ্যখনৰ সকলো স্তৰৰ শ্ৰমিক-কৰ্মচাৰীৰ বাবে বিপদজনক। ইয়াক প্ৰস্তুত কৰিছে বিজেপি চৰকাৰে।"