logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কলহী সুঁতিৰ ওপৰত থকা চৰকাৰী বেচৰকাৰী সকলো বেদখল উচ্ছেদ কৰাৰ দাবী

১৮ মাৰ্চ, ২০২৬ :: দক্ষিণ কামৰূপৰ অন্তৰ্গত কলহী সুঁতিৰ ওপৰত থকা চৰকাৰী বেচৰকাৰী সকলো বেদখল অনতিবিলম্বে উচ্ছেদ কৰাৰ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে। এই সম্পৰ্কত একাধিকবাৰ অঞ্চলটোৰ সচেতন ৰাইজে স্থানীয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আৱেদন জনাই আহিছে যদিও ফলাফল শূন্য। ৰাইজে অভিযোগ কৰিছে যে শেহতীয়াকৈ ছয়গাঁৱৰ দক্ষিণ অংশৰ মাজপাৰা, শিংখাট, নোৱামাটিকে ধৰি কেইবাখনো গাঁৱৰ বাসিন্দাৰ বাবে বিপদৰ সম্ভাৱনা বৃদ্ধি কৰি তথাকথিত উন্নয়নৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন দপ্তৰে "ছয়গাঁও মাজপাৰা"ৰ বুকুৱেদি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে পশ্চিমলৈ বৈ যোৱা কলহীৰ সুঁতিটো মাজপাৰা-ঔগুৰিপথত মাটিৰে পুতি স্বৈৰাচাৰিতাৰ নিদৰ্শন দাঙি ধৰিছে। স্থানীয় প্ৰশাসনেও চকুমুদা কুলিৰ ভাও জুৰিছে। স্থানীয় জনপ্ৰতিনিধি সকলৰ ভূমিকাও সন্দেহজনক।

0
0 views

Comment