জীৱন ।
জীৱন।
জীৱন মানে নহয়
সেইয়া তোমাৰ
বাবে আজীৱন ।
নহ'বা তুমি
তাত অৰাজক
নকৰিবা কাকো অত্যাচাৰ।
নমাতিবা তুমি
তাত মিথ্যা চাৰ।
আহিব তাত
কাৰোবাৰ বাবে হাহাকাৰ।
হ'ব সকলো তাত নিৰ্বিকাৰ
নহ'ব সি পৰিস্কাৰ
কৰিব তাক
সকলোৱে তিৰস্কাৰ।
হবগৈ সি অসৎ
হ'ব সকলোতে আৱিষ্কাৰ।
দিব সি অভিশাপ
জীৱন হ'ব জটিল।
নাপাবা বিচাৰি
তুমি সমতল।
আহিব তোমাৰ
আলায় আহুকাল।
তাতে নাথাকে
জীৱন বহুকাল।
জীৱন মানে জ্যোতিষ্ক
দিব লাগিব তুমি পোহৰ
আঁতৰিব লাগিব
দূৰ্বল অসহায় জনৰ
জীৱনৰ আন্ধাৰ।
তেহে পাবা
জীৱনৰ পৰম আনন্দ
ইহকাল আৰু পৰকালত।
জীৱন মানেই জটিল
কৰিব লাগিব
তাক সকলোৱে
মিলি জুলি আতিল।
নহ'লে আঁতৰিব
জীৱনত বহুজন
নাথাকিব গৈ প্ৰিয় জন।
জীৱন মানে হয় জিজ্ঞাসা
নকৰিবা তাত
বহু বেছি আকাংক্ষা।
অকালতে আহি যাব পাৰে
জীৱনলৈ যমৰ যাতনা।
জীৱনৰ নাথাকে স্থায়ীত্ব
হ'ম এদিন
সকলো আমি পৰাভূত।
কৰিম পৰলোক গমন
যাম আমি
পৰম পিতাৰ কাষত।
তোমাৰ বাবে
নাথাকিব তাত প্ৰশ্ন
পাৰ্থিৱ সুখৰ পৰাক্ৰমত
কিমান তুমি গঢ়িলা অট্ৰালিকা।
আহিব প্ৰশ্ন অট্ৰালিকাৰ নামত
চলালা কিমান অপ্ৰপচাৰ
কৰিলা কিমান অত্যাচাৰ।
হ'ব তাত বিচাৰ
নকৰিবা সেইয়ে
আজি দূৰাচাৰ।
হ'বগৈ সেইয়া
ন্যায়ক অতিক্ৰম।
কৰিব পৰম পিতাই
তোমাক ব্যত্তিক্ৰম।
মনুষ্যৰ জীৱন লৈ আহিলা
কৰি গলা
মনুষ্যকে অপমান।
পাব লাগিব দিব লাগিব
তোমালোকে জীৱনত কৰা
ভূলৰ তাৰ তাপমান।
ছৈয়দ মহচিন।