বিৰোধী ঐক্য মঞ্চৰ অন্যতম পাৰ্টি চি পি আই (এম) প্ৰাৰ্থী ঘোষণা
দক্ষিণ কামৰূপ, ১৬ মাৰ্চ :: আজি অসমৰ বিজেপি বিৰোধী ঐক্য মঞ্চৰ অন্যতম পাৰ্টি চি পি আই (এম)য়ে অসম বিধানসভাৰ নিৰ্বাচন-২০২৬ৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ২১ নং ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বাবে "মনোৰঞ্জন তালুকদাৰ" আৰু ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ বাবে "বাপু ৰাম বড়ো"ক প্ৰাৰ্থী হিচাপে দলটোৱে মনোনীত কৰিছে। দলটোৱে অৱগত কৰিছে যে অন্যান্য সমষ্টি সমূহত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ পক্ষে ৰাইজৰ ওচৰত প্ৰচাৰ কৰাৰ লগতে উক্ত প্ৰাৰ্থীৰ পক্ষে ভোটদানো কৰিব। উল্লেখ্য যে ৯ এপ্ৰিল তাৰিখে এটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।