অসমৰ ভৱিষ্যৎ আৰু বাস্তৱ সমস্যা
যিখন ৰাজ্যত প্ৰায় ৪ কোটি জনসাধাৰণ বসবাস কৰে,
অসমৰ ভৱিষ্যৎ আৰু বাস্তৱ সমস্যা
যিখন ৰাজ্যত প্ৰায় ৪ কোটি জনসাধাৰণ বসবাস কৰে, সেইখন ৰাজ্যত যদি প্ৰায় ১ কোটিতকৈ অধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতী থাকে, তেন্তে সেয়া এখন ৰাজ্যৰ বাবে গভীৰ সংকট।
অসম এখন কৃষি প্ৰধান ৰাজ্য। কিন্তু দুখজনক কথা এইটো যে আজিও অসমৰ বজাৰত বহিৰাগত ৰাজ্যৰ পৰা জলকীয়া, কেঁচা পাচলি, মাছ আৰু পশুধন আহি বজাৰ দখল কৰি আছে।
প্ৰশ্নটো হ’ল – আমাৰ কৃষকসকল ক’ত? আমাৰ উৎপাদন কিয় বৃদ্ধি হোৱা নাই?
দক্ষতা বিকাশ কেন্দ্ৰত অসমৰ টকা খৰচ কৰি অসমৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয়, কিন্তু শেষত তেওঁলোকক বহিৰাগত প্ৰতিষ্ঠানত ৮ হাজাৰ বা ১২ হাজাৰ টকাৰ কম বেতনত ফেক্টৰীত কাম কৰিবলৈ পঠিয়োৱা হয়। এইটো উন্নয়ন নে অসমৰ যুৱ শক্তিৰ অপচয়?
যদি আমাৰ মানুহক ধীৰে ধীৰে ফ্ৰী সুবিধা লোৱাৰ অভ্যাস কৰোৱা হয়, তেন্তে সমাজটো আগবাঢ়িব নে পিছপৰা হ’ব – এইটো চিন্তা কৰিব লাগিব। ভোটৰ ৰাজনীতিৰ বাবে যদি হাজাৰ হাজাৰ কোটি টকাৰ ঋণ বা মাইক্ৰো ফাইনেন্স মাফ কৰাৰ কথা কোৱা হয়, কিন্তু ক্ষুদ্ৰ উদ্যোগ, কৃষি উন্নয়ন আৰু আত্মনির্ভৰ ব্যৱসায় গঢ়ি তোলাৰ ব্যৱস্থা নকৰে, তেন্তে আগন্তুক সময়ত অসমে ডাঙৰ সংকটৰ সন্মুখীন হ’ব পাৰে।
দেশৰ বিভিন্ন আন্দোলনৰ সময়ত জনতাৰ অধিকাৰৰ বাবে বহু লোক আগবাঢ়িছে। বিশেষকৈ Citizenship Amendment Act protests ৰ সময়ত অসমৰ বহু যুৱকৰ জীৱন হেৰুৱাবলগীয়া হৈছিল আৰু বহু পৰিয়াল দুখত পৰিছিল।
শিক্ষাৰ ক্ষেত্ৰতো আজিৰ দিনত বহু সমস্যা দেখা গৈছে। আগতে এখন কিতাপ বহু ভাই-ককাই ব্যৱহাৰ কৰি শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু এতিয়া প্ৰায়ে প্ৰতি বছৰে কিতাপ সলনি কৰা হয়। ইয়াৰ ফলত বহু দুখীয়া লৰা-ছোৱালী শিক্ষা সম্পূৰ্ণ কৰাৰ পৰা বঞ্চিত হয়।
আজি ৫জি যুগ আহিছে, প্রযুক্তি উন্নত হৈছে, কিন্তু আমি নিজে নিজকে সুধিব লাগিব – আমাৰ সমাজ সত্যই আগবাঢ়িছে নে আমি কেৱল আঁচনি আৰু ফ্ৰী সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ?
বিভিন্ন আঁচনি যেনে ১২৫০, ৫০০০ বা ৯০০০ টকাৰ সহায় বহু মানুহে লাভ কৰিছে। কিন্তু এই সুবিধাবোৰ মূলতঃ বৃদ্ধ, বিকলাঙ্গ আৰু অতি দুখীয়া লোকসকলৰ বাবে হ’ব লাগে।
বাস্তৱত দেখা যায় বহু সুবিধাভোগী বা ক্ষমতাশালী লোকেও এইবোৰ লাভ কৰে।
গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূর্ণ প্ৰস্তাৱ
গণতন্ত্ৰত ক্ষমতাৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ এজন ৰাজনৈতিক প্ৰতিনিধিক ৫ বা ১০ বছৰৰ অধিক একেটা পদত থাকিবলৈ নিদিয়াৰ নিয়ম কৰা উচিত।
নতুন নেতৃত্ব আগবঢ়িলে সমাজত নতুন চিন্তা আৰু উন্নয়নৰ সুযোগ সৃষ্টি হয়।
অসমৰ উন্নয়ন আমাৰ হাততেই।
সচেতন নাগৰিক হিচাপে সমাজ গঢ়াত সহযোগিতা আগবঢ়াওক আৰু সঠিক সিদ্ধান্ত লওক।
মোৰ ক্ষুদ্ৰ জ্ঞানৰ পোহৰ বিচাৰি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছো
ৰামনাথ তাঁতী
অখিল ভাৰতীয় আদিবাসী বিকাশ পৰিষদ অসম ,উত্তৰ পূৰ্ভাঞ্চলৰ সমন্বয়ক।