ন' দলং, ন' ভোট" শ্লোগানেৰে উত্তাল চিলাপথাৰৰ ডিমৌ নৈৰ পাৰ। প্ৰদান-ভুৱনৰ ত্ৰিশ বছৰীয়া বঞ্চনাৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী।
"নামনি চিলাসুঁতি গাঁও পঞ্চায়ত আৰু চিলাসুঁতি গাঁও পঞ্চায়তৰ মাজত দলং নিদিলে ভোট নিদিয়ে বঞ্চিত জনতাই।
অসম চাৰিওফালে দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, শাসকীয় দলৰ নেতা-মন্ত্ৰী, বিধায়ক সকলে বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰে দেশ জুৰি অভূতপূৰ্ব উন্নয়ন কৰা বুলি জয়ঢোল কোবাই থকা সময়তে এখন দলং নিৰ্মাণৰ দাবীত আজি দুপৰীয়া ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৱৰ্তী নামনি চিলাসুঁতি গাঁও পঞ্চায়ত আৰু চিলাসুঁতি গাঁও পঞ্চায়ত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। ডিমৌ নৈৰ ওপৰত এখন দলং বিচাৰি অঞ্চলটোৰ বাটে-পথে প্ৰতিবাদী সমদল ওলিয়াই ডিমৌনৈৰ পাৰত অৱস্থান কৰি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিলে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ বৃদ্ধ-বনিতা, জীয়াৰী-বোৱাৰী পৰা আৰম্ভ কৰি সহস্ৰাধিক লোকে। আজি দিনত নামনি চিলাসুঁতি উন্নয়ন সমিতিৰ উদ্যোগত অঞ্চলটোৰ বহু কেইখন গাঁৱৰ সহস্ৰাধিক লোকে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ "ন' দলং ন'ভোট", "আমাক দলং লাগিবই", "আমাৰ দাবী মানিবই লাগিব", "জনতাৰ দুখ নুবুজা চৰকাৰ নালাগে", "অকমন্য প্ৰতিনিধি হায় হায়" আদি শ্লোগানেৰে উত্তাল কৰি নিজ নিজ গাঁৱৰ পৰা আহি কুলিবজাৰ সমীপত সমবেত হয়। কুলি বজাৰৰ পৰা ডিমৌ নৈৰ দলং নিৰ্মাণৰ দাবী স্থানত উপস্থিত হয়গৈ। উক্ত স্থানতে সমবেত হৈ ৰাইজে কুলিবজাৰ-চিলাসুঁতি পথৰ চাব চেণ্টাৰ আৰু শিৱনগৰ পথত
ডিমৌ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী জনোৱাৰ লগতে চৰকাৰ, জনপ্ৰতিনিধিয়ে অঞ্চলবাসীক কৰা দীৰ্ঘদিনীয়া বঞ্চনাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। আবেলি প্ৰতিবাদীসকলে স্থলীতে এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। সমাগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ জয়ঢোল বজাই গাঁৱে গাঁৱে মন্ত্ৰী, জনপ্ৰতিনিধি, নেতা-পালিনেতাই ভোট ভিক্ষা কৰা সময়তে হঠাতে অতি পিছপৰা অঞ্চলটোৰ ৰাইজে চৰকাৰ-জনপ্ৰতিনিধিৰ দীৰ্ঘদিনীয়া অৱহেলাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এখন দলং বিচাৰি পথলৈ ওলাই প্ৰতিবাদী সমদল বাহিৰ কৰা কাৰ্য্যই বিশেষ তাপৰ্য্য বহন কৰিছে।
উল্লেখ্যে যে পূৰ্বৰ জোনাই বিধান সভা সমষ্টি আৰু বৰ্তমান নৱগঠিত চিচিবৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত উজনি আৰু নামনি চিলাসুঁতি পঞ্চায়তৰ প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথত দলং নিৰ্মাণৰ দাবীৰ প্ৰতি সহাৰি জনাই সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুৱে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও ৰক্ষা কৰা নাই । বছৰ পিছত বছৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ ৰাইজে প্ৰতি বাৰিষাত ভয়ানক ৰূপ ধাৰণ কৰা নৈখন বিপদসংকুল পৰিস্থিতি-পৰিৱেশত পাৰ হৈ সেই পথেৰে যাতায়াত কৰি আহিছে। বাৰিষা কালত নৈৰ পানী বঢ়া লগে লগে ব্যাহত হয় যাতায়ত। সেয়েহে এইবাৰ ৰাইজৰ ধৈৰ্য্যৰ চ্যুতি হেৰাল। আগন্তুক নিৰ্বাচনৰ আগত। যদি চৰকাৰ-প্ৰশাসনে দলং নিৰ্মাণৰ আৰম্ভ নকৰে তেন্তে ৰাইজে এইবাৰ ভোট বৰ্জনৰ দৰে কঠোৰ পদক্ষেপে লবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে।
উল্লেখ্যে যে এই পথেৰে নামনি চিলাসুঁতি গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈবাৰী, শিৱনগৰ, ঘাই শিৱনগৰ, পশ্চিম শিৱনগৰ, পূব শিৱনগৰ, বিষ্ণুনগৰ, দেবেন্দ্ৰ নগৰ, ভৈয়াম বেলগুৰি, কাক'বাৰী, কমলপুৰ, গৌৰাংগপুৰ, কুলি বজাৰ আদি গাঁমূহৰ ৰাইজ অহাযোৱা কৰে। নামনি চিলাসুঁতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাট-পথসমূহ আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই। বিগত অৰ্ধ শতিকাজুৰি এতিয়ালৈকে এই অঞ্চলৰ প্রায় ৮০ শতাংশ বাট-পথ এতিয়াও কোনো ধৰণৰ যানবাহন চলাচল কৰিব নোৱৰা অৱস্থাত আছে। বাৰিষা এই পথসমূহ অধিক বেয়া হয়, ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়। ছাত্র-ছাত্রীসকলে বিদ্যালয়লৈ যোৱাত, কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াত আৰু অসুস্থ ৰোগীক চিকিৎসালয়লৈ নিয়াত সমস্যাৰ সন্মুখীন হয়।ডিমৌ নৈৰ ওপৰত দলং নথকাৰ বাবে এই গাঁওসমূহৰ ৰাইজে দৈনন্দিন যাতায়াতৰ বাবে ডিমৌ হৈ প্ৰায় ৩০ কিলোমিটাৰ পথ ঘুৰি চিলাপথাৰলৈ যাবলগা হয়। কিন্তু ৰাইজে দাবী কৰা স্থানত ডিমৌ নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰা হয় তেন্তে এই দূৰত্ব মাত্ৰ প্ৰায় ১১ কিলোমিটাৰহে হ'ব। ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্রী, কৃষক, ৰোগী আৰু সাধাৰণ ৰাইজে বহুত সুবিধা লাভ কৰিব। এই অঞ্চলটোৰ দুৰৱস্থাৰ বাবে ৰাইজে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুকে দুষিছে। দুয়োজন স্থানীয় প্ৰতিনিধিয়ে বিগত প্ৰায় তিনি দশক ধৰি অঞ্চলটো প্ৰতিনিধিত্ব কৰি আহিছে যদিও ৰাইজৰ দাবীলৈ কাণসাৰেই দিয়া নাই। বৰ্তমানৰ
প্ৰতিবদী সভাৰ শেষত নামনি চিলাসুঁতি উন্নয়ন সমিতিৰ সভাপতি বিশ্বেশ্বৰ মিলি আৰু সম্পাদক জয়ন্ত দেৱনাথে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ, জনপ্ৰতিনিধিলৈ দাবী জনাই কয় যে অঞ্চলটোৰ এই গুৰুত্বপূর্ণ সমস্যাবোৰৰ শীঘ্ৰে সমাধান কৰক, অন্যথা আগন্তুক দিনত আৰু অধিক শক্তিশালী গণআন্দোলন গঢ়ি তোলা হব। এই আন্দোলন সম্পূৰ্ণৰূপে ৰাইজৰ স্বাৰ্থ আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা হৈছে আৰু আগন্তুক দিনতো এই দাবীৰ বাবে ৰাইজ একত্ৰিত হৈ থাকিব। ৰাইজৰ বাবে দলং নহ'লে নিৰ্বাচনত ভোটো নহ'ব বুলি সকিয়াই দিয়ে।