logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

সন্ত্ৰাস

সন্ত্ৰাস
সন্ত্ৰাস মানে
নহয় সেইয়া সৰল
থাকে তাত
বহু জটিল সন্ধি।





সহায় সমৰ্থন আজি কৰে
সকলোৱে সন্ত্ৰাসৰ সাম্ৰাজ্যত।
নহয় সেয়া বিচাৰ্য বিষয়
হয় বোলে সকলোতে
থাকে আজি
ইয়াৰ সাদৃশ্য।
হৈ পৰিছে
সকলোৱে বাবে
সন্ত্ৰাস অপৰিহাৰ্য্য।
দিছে তাতে
সকলোৱে সাহাৰ্য্য।







সন্ত্ৰাসত লোৱা হয়
কেৱল সংকল্প
হয় সেইয়া
মহাযুদ্ধৰ প্ৰকল্প ।
ঘটে তাত মহাৰণ
নাথাকে তাত
কেৱল মানৱতাৰ মন্ত
হয় পৰে সকলো অশান্ত।









সন্ত্ৰাস য'ত হয়
তাত ঘটে
বহু অঘটন ‌।
নাথাকে তাত
কেৱল মানুহৰ দাম,
হয় যায় মাটিৰ সমান।
কৰি যায় সংঘৰ্ষ
হয় যায় তাত
বহুজন সৎকাৰ।
কৰে তাত কেৱল
বহুতে হাহাকাৰ।







সন্ত্ৰাস পৃষ্ঠভূমি জানে
সকলোৱে ।
হয় সকলোৱে জ্ঞাত
নকৰে কোনেও
তাত আক্ষেপ
হয় যায় কেৱল
সকলো নিৰ্বিকাৰ।
নিবিচাৰে
নাহে আগুৱাই
নিদিয়ে তাত
বাধা দিবলৈ
নিপাত যাওঁক
এনে সন্ত্ৰাস।



সন্ত্ৰাস কৰিছে
আজি বহুতৰ
জীৱনৰ সৰ্বনাশ ।
নাই তাত কাৰো
আজি ভাবিবৰ অৱকাশ।







সমাজত ঘটিছে
আজি অৱক্ষয়।
ভুগিছে তাৰ
ফল সৎজনে।
পাইছে তাৰ কুফল।
গৈছে আজি
সৎজন হতাশাত।
অসৎ জনে কৰিছে
সাম্ৰাজ্য বিস্তাৰ ।





সন্ত্ৰাসে আজি
নিৰ্দোষীজনীক
কৰিছে নিধন।
নাহে তাত তেজ মঙহ
আপোন পৰ।
ওচৰ চুবুৰীয়া কিম্বা
সতীৰ্থৰ কথা।



সতীৰ্থৰ থাকে সম্মান।
নোহোৱা তুমি সম্ভ্ৰান্ত
যোৱা যদি
তুমি কৰিব অপমান
চলাব অত্যাচাৰ ।
হোৱা যদি দুৰ্বল
চলাব সতীৰ্থই সন্ত্ৰাস
পেলাব সমস্যাত
নেপাবা উদ্ধাৰ ।
হয় সেইয়া সন্ত্ৰাস
নাপাবা তুমি বুজি
তাৰ আচল সাৰ্থকতা ।
লাভৰ আশা দেখিলে
চলাই সকলোৱে
আজি সন্ত্ৰাস।
নাপাবা তুমি
কেৱল সতীৰ্থৰ সহানুভূতি ।







সন্ত্ৰাস হয় য'ত
তাত হয়
সকলো নিৰৱ।
নাপাবা তুমি তাত
কেৱল কোনো
আপোন পৰ বোলি বন্ধু।
হয় সকলোৱে যেন
আজি সন্ত্ৰাসৰ
সৌৰভত উৎফুল্লিত।
কৰিছে বহুতক হত্যা
হৈছে মাথোঁ সৎজনৰ
কেৱল জীৱন উৎসৰ্গিত।


সন্ত্ৰাসত পায় আজি
সকলোৱে প্ৰশান্তি
কৰে তাক লৈ আজি
সকলোৱে গৌৰৱ।
সন্ত্ৰাস নহয়
সেইয়া দূর্লভ
নহয় সি দূৰ্বল ।
হয় সেইয়া আজি
সকলোতে সুলভ ।
নিদিয়ে তাত
কোনে গৰিহণা।
আছে তাত বোলে
সকলোৱে অৰিহণা।
সেইয়ে লৈছে সংকল্প
চলাইছে সকলোৱে
কেৱল সন্ত্ৰাস।
নাই বোলে কতো
আজি সন্ত্ৰাসৰ বিকল্প।

ছৈয়দ মহচিন।

21
1305 views

Comment