logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

সন্ত্ৰাস

সন্ত্ৰাস
সন্ত্ৰাস মানে
নহয় সেইয়া সৰল
থাকে তাত
বহু জটিল সন্ধি।





সহায় সমৰ্থন আজি কৰে
সকলোৱে সন্ত্ৰাসৰ সাম্ৰাজ্যত।
নহয় সেয়া বিচাৰ্য বিষয়
হয় বোলে সকলোতে
থাকে আজি
ইয়াৰ সাদৃশ্য।
হৈ পৰিছে
সকলোৱে বাবে
সন্ত্ৰাস অপৰিহাৰ্য্য।
কৰিছে তাতে
সকলোৱে সাহাৰ্য্য।







সন্ত্ৰাসত লয়
কেৱল সংকল্প
হয় সেইয়া
মহাযুদ্ধৰ প্ৰকল্প ।
ঘটে তাত মহাৰণ
নাথাকে তাত
কেৱল মানৱতাৰ মন্ত
হয় পৰে সকলো অশান্ত।









সন্ত্ৰাস হয়
তাত ঘটে
বহু অঘটন ‌।
নাথাকে তাত
কেৱল মানুহৰ দাম
হয় যায় মাটিৰ সমান।
কৰি যায় সংঘৰ্ষ।
হয় যায় তাত
বহুজন সৎকাৰ।
কৰে তাত
বহুতে হাহাকাৰ।







সন্ত্ৰাস তাতে সকলোৱে
জানি নকৰে
কোনেও আক্ষেপ
হয় যায়
সকলো নিৰ্বিকাৰ।
নিবিচাৰে
নাহে আগুৱাই
নিদিয়ে তাত
বাধা দিবলৈ
নিপাত যাওঁক
এনে সন্ত্ৰাস।



সন্ত্ৰাস কৰিছে আজি
বহুতৰ জীৱনৰ সৰ্বনাশ ।
নাই তাত কাৰো
আজি ভাবিবৰ অৱকাশ।







সমাজ ঘটিছে
আজি অৱক্ষয়।
ভুগিছে তাৰ
ফল সৎজনে।
পাইছে তাৰ কুফল।
গৈছে আজি
সৎজন হতাশাত।





সন্ত্ৰাসত আজি
নিৰ্দোষীজনীক
কৰিছে নিধন।
নাহে তাত তেজ মঙহ
আপোন পৰ।
ওচৰ চুবুৰীয়া কিম্বা
সতীৰ্থৰ কথা।



সতীৰ্থৰ থাকে সম্মান।
হোৱা যদি দুৰ্বল
চলাব সন্ত্ৰাস
কৰিব কেৱল অপমান।
লাভৰ আশা দেখিলে
চলাই সকলোৱে
আজি সন্ত্ৰাস।







সন্ত্ৰাস নহয় তাত
কোনো নিৰৱ
নাই তাত
আপোন পৰ বন্ধু।
হয় সকলোৱে যেন
আজি সন্ত্ৰাসৰ
সৌৰভত উৎফুল্লিত।
কৰিছে বহুতক হত্যা
হৈছে গৈ সৎজনৰ
কেৱল জীৱন উৎসৰ্গিত।


সন্ত্ৰাস পায় তাতে
আজি সকলোৱে
গৌৰৱ।
নিদিয়ে তাত
কোনে গৰিহণা।
আছে তাত বোলে
সকলোৱে অৰিহণা।
সেইয়ে লৈছে সংকল্প
চলাইছে সকলোৱে
কেৱল সন্ত্ৰাস।
নাই বোলে তাত
আজি অন্য বিকল্প।

ছৈয়দ মহচিন।

21
1207 views

Comment