জপৰাজানত আছা কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূর্ণ কাৰ্য্য-নিৱাহক সভা।
জপৰাজানত আছা কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূর্ণ কাৰ্য্য-নিৱাহক সভা।
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত থকা জপৰাজানত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা'ৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ কাৰ্য্যালয়ত সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা'ৰ কাৰ্বি আংলং জিলা সমিতিৰ এখনি গুৰুত্বপূর্ণ কাৰ্য্য-নিৱাহক সভা অনুষ্ঠিত হয়।
আছা' কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বীৰজু ভূঞা ( মুণ্ডা) ৰ সভাপতিত্ব অনুষ্ঠিত হোৱা গুৰুত্বপূর্ণ কাৰ্য্য-নিৱাহক সভাত আছা'ৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভুমিজ , আদি কৰি আছা কাৰ্বি আংলং জিলা সমিতিৰ সমূহ নেতৃত্বৰ লগতে কাৰ্বি আংলং জিলা সমিতিৰ অন্তৰ্গত আছা'ৰ সমূহ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়া সকলৰ উপস্থিতিত গুৰুত্বপূর্ণ কাৰ্য্য-নিৱাহক সভাখন অনুষ্ঠিত হয়।
উক্ত সভাত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন মৌলিক অধিকাৰ লগতে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক , বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
আৰু ইতিমধ্যে সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা'ৰ কেন্দ্রীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৭ বৰ্ষত কাৰ্বি আংলং জিলাত অনুষ্ঠিত হবলগীয়া আদিবাসী মহাসভাৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়
বুলি আছা'ৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।