সংকল্প।
সংকল্প।
সংকল্প নাথাকে
আজি সহযোগ।
নকৰিব তোমাক
সহায় সহযোগ
কৰিব কেৱল অসহযোগ।
সংকল্পত নাই
আজি প্ৰতিজ্ঞা।
কৰা তুমি তাক অৱজ্ঞা
লোৱা বাচি তুমি
তাত বিকল্প।
বিকল্প নহ'লে আহি
যাব আপায় অমংগল।
নাপাবা তুমি বিচাৰি
পৰিত্ৰাণৰ উপায়।
নোৱাৰিবা কৰিব
তুমি পৰিচালনা
হ'বাগৈ তুমি নিৰুপায়।
হ'ব সকলো
তাতে নিৰুদ্দেশ।
দিব তোমাক
কোনে সান্তনা।
সংকল্প নাথাকে
আজি সততা।
নকৰিবা তাত বিশ্বাস।
নিদিবা তাত গুৰুত্ব
নাপাবা তুমি উৎসাহ
হেৰুৱাবা তুমি
কেৱল নিশ্বাস।
নাই তাত নিয়তীৰ খেল
নাই তাত নিয়ম নিতি।
নুশুনে তোমাৰ
কাকতি মিনতি ।
নকৰিব তোমাৰ
বাবে আৰতি
কৰিব তোমাক ক্ষতি
হয় চাগে
তুমি নিথৰুৱা
ভাবিব তুমি বাটৰুৱা।
কৰিব তোমাক
সকলোতে আধাৰুৱা।
আন্ধাৰে তোমাৰ
হ'ব লাগিব সংকল্প।
যদি বিচৰা পোহৰ
আহি যাব পাৰে
তোমাৰ পতন।
ঘটি যাব অঘটন
নকৰিব তাক
কোনোৱেও উৎঘাটন।
সংকল্পত নাই
আজি সাহস
নিদিব তোমাক উৎসাহ
লাগিলে দিয়া
তুমি তাত
জীৱন উৎসৰ্গা।
তথাপি নকৰিব
তোমাৰ অনুধাৱন।
নহ'ব তোমাৰ অনুকল
আহিব তোমাৰ প্ৰতিকূল ।
সংকল্পত নাপাবা
তুমি অনুভৱ।
নাপাবা তুমি সহানুভূতি ।
সেয়ে ৰাখিবা বিকল্প।
নহ'লে হ'বাগৈ তুমি
নিজেই বিধ্বস্ত।
সংকল্পত কৰিব
সকলোৱেই আশ্বস্ত
সময়ত নেপাবা
তুমি বিশ্বস্ত।
হবগৈ তোমাৰ
নিজৰেই সমাধিস্থ ।
সংকল্পত পাতিব সভা
কৰিব সকলোৱে অভিযোগ
আহিব তোমাৰ দূযোগ।
নাপাবা তুমি
তাত সুযোগ।
নকৰিব কোনো সহযোগ
নোপোৱা তুমি সম্বোধন।
ৰাখিব তোমাক
সকলোতে ব্যৱধান।
নাপাবা তুমি সমাধান
নলবা তুমি সংকল্প।
লোৱা তুমি বিকল্প
হ'ব তোমাৰ বিজয়।
ছৈয়দ মহচিন।