দূস্কৃতিকাৰীয়ে জ্বলাই নিঃশেষ কৰিলে নলনি বনাঞ্চলৰ হোলোং Plantation
৮৪ নং ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বন সংমণ্ডলৰ এলেকাধীন নলনি বনাঞ্চলত প্ৰায় ৮বিঘা মাটিত বিগত সময়ছোৱাত বন বিভাগে প্ৰায় ১০০০০ (দহ হাজাৰ) হোলোং গছৰ পুলি ৰোপণ কৰিছিল বুলি ব্যক্ত কৰিছিল | উক্ত ঠাইত ৰহস্যজনক ভাৱে কোনো দুৰ্বৃত্তই জুই জ্বলাই সম্পূৰ্ণ বনাঞ্চল ধ্বংস কৰাৰ প্ৰচেষ্টা চলাইছিল | স্থানীয় লোকে দিয়া তথ্য অনুসৰি উক্ত ঠাইখিনিত বিগত সময়ছোৱাতো বন ধ্বংস কাৰ্য্যৰ বিৰোধিতাৰে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰা পিছতো বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল চকু মুদা কুলিৰ ভাও ধৰি থকাটোত সন্দেহ ঘনীভূত হৈছে | জানিব পৰামতে ঠাই খিনিত জুই জ্বলাৰ পূৰ্বেও বিভাগীয় গাফিলতিৰ বাবে পুলিসমূহ প্ৰত্যক্ষ নোহোৱাটোহে এক ৰহস্যময় হৈ পৰিছে |