logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

নাজিৰাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰীতি সমাৰোহ সম্পন্ন


শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত নাজিৰা শাখাৰ সহযোগত নাজিৰাত প্ৰীতি সমাৰোহখন অনুষ্ঠিত কৰে। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুঠ ১৯ টা শাখাৰ একত্ৰিত হৈ আয়োজন কৰে উক্ত অনুষ্ঠানৰ ।পুৱা প্ৰভাত চন্দ্ৰ বৰঠাকুৰে পতাকা উত্তোলন কৰাৰ পিছতেই স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিজয় চন্দ্ৰ বৰাই।ওম কাৰ ধ্বনিৰে ১৯ টা শাখাৰ প্ৰয়াত জ্যেষ্ঠ নাগৰিকসকলক স্মৰণ কৰাৰ লগতে বিশেষকৈ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক,সভাপতি,উপদেষ্টা পদ অলংকৃত কৰা জ্যেষ্ঠ ৰত্ন,অসম বঁটা প্ৰাপক বিশিষ্ট সাংবাদিক সদ্য প্ৰয়াত ৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা জনায় লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি সভাপতিয়ে সমূহ পতাকা অৰ্ধনমিত কৰে আৰু তেখেতৰ অৱদান বিষয়ে আলোকপাত কৰে।জ্যেষ্ঠ নাগৰিক সকলৰ মাজত ক্ৰীড়া, সাহিত্য, সংস্কৃতি আদি সকলো দিশক সামৰি আয়োজন কৰা প্ৰীতি সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলৈ পায় উৎফুল্লিত হৈ পৰে জ্যেষ্ঠ নাগৰিক সকল।বিশেষকৈ নাজিৰা নাট্য মন্দিৰত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সকলৰ গীত, নৃত্য প্ৰদৰ্শনে সকলোকে আপ্লুত কৰি তোলে।

1
152 views

Comment