logo

বঙাইগাঁৱ জিলা কাৰ্যালয়ত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থীত্ব বিচাৰি যুৱ নেতা কুৰবান আলী আহমেদৰ আবেদন

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা কাৰ্যালয়ত আজি এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদক্ষেপ হিচাপে ১৭ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীত্ব বিচাৰি আনুষ্ঠানিকভাৱে আবেদন জনায় যুৱ নেতা কুৰবান আলী আহমেদে। ৰাজ্যিক সভাপতি মাননীয় দিলিপ শইকীয়ালৈ জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ জৰিয়তে এই আবেদন পত্র প্ৰেৰণ কৰা হয়।
কুৰবান আলী আহমেদ বৰ্তমান বঙাইগাঁও জিলাৰ বিজেপি কিষাণ মৰ্চাৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰি অহাৰ লগতে জিলা মিডিয়া চেলৰ সহ-আহ্বায়ক হিচাপেও সক্ৰিয়ভাৱে কাম কৰি আছে। তৃণমূল স্তৰৰ এক নিষ্ঠাবান, শৃংখলাবদ্ধ আৰু কৰ্মঠ সংগঠক হিচাপে তেওঁ বিগত কেইবাবছৰ ধৰি দলীয় কার্যকলাপ, সংগঠন শক্তিশালীকৰণ আৰু চৰকাৰী জনকল্যাণমূলক আঁচনি সমূহ ৰাইজৰ মাজলৈ নি যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। দলীয় দায়িত্বৰ বাহিৰেও ভাৰতীয় প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ পৰিষদৰ ৰাজ্যিক সভাপতি আৰু উত্তৰপূব জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া এছোচিয়েচনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বও পালন কৰি আহিছে কুৰবান আলী আহমেদে।
প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনোৱাৰ পিছত কুৰবান আলী আহমেদে কয় যে, ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ সমগ্ৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ, উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ জনমুখী আঁচনি সমূহ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লক্ষ্যৰে তেওঁ আগবাঢ়িছে। সমষ্টিটোৰ কৃষক, যুৱক-যুৱতী, মহিলা আৰু পিছপৰা শ্ৰেণীৰ সামগ্ৰিক উন্নয়নক অগ্ৰাধিকাৰ দি কাম কৰাৰ সংকল্পও তেওঁ ব্যক্ত কৰে।
দলীয় সূত্ৰে জানিব পৰা মতে, কুৰবান আলী আহমেদে তৃণমূল স্তৰত সুদৃঢ় সংগঠন গঢ়ি তোলাত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে আৰু ৰাইজৰ মাজত এজন জনপ্ৰিয় যুৱ মুখ হিচাপে পৰিচিত হৈ উঠিছে। তেওঁৰ এই আবেদনক লৈ সমষ্টিৰ বহু দলীয় কৰ্মী-সমৰ্থকে ইতিমধ্যে সমৰ্থন জনোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়ছোৱাত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ বাবে কুৰবান আলী আহমেদৰ প্ৰাৰ্থীত্ব আবেদন ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে। এতিয়া দলীয় উচ্চ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। কুৰবান আলী আহমেদৰ ঘৰ বঙাইগাঁৱ জিলাৰ অন্তৰ্গত মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং ছালাবিলাত।

1
0 views
1 comment  
  • KURBAN ALI AHMED

    Good 👍👍👍👍👍