logo

২০২৬ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসম কংগ্ৰেছত বৃহৎ খহনিয়া

আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ৰাজনীতিত প্ৰদেশ কংগ্ৰেছত লাগিছে দল ত্যাগৰ জোৱাৰ। উল্লেখ থাকে যে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত লৈ দিল্লী হাই কামনলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰন কৰিছে। পদত্যাগ পত্ৰ প্ৰেৰন কৰিয়ে সাংবাদিক সকলৰ আগত ভূপেন বৰাৰ বিষ্ফোৰক মন্তব্য। তেখেতে সাংবাদিক সকলক জনায় যে, মই এজন স্বাভিমানী অসমীয়া হয়,সাম্প্ৰতিক সময়ত অসম প্ৰদেশ কংগ্ৰেছ দলত কোনো স্বাভিমানী অসমীয়া থকাটো সম্ভৱ নহয়। তেখেতক সাংবাদিক সকলে গৌৰৱ গগৈ সম্পৰ্কে প্ৰশ্ন কৰাত, ভূপেন বৰা জনায় যে, অসমত কংগ্ৰেছ দল পূৰ্বৰ দৰে নাই। বৰ্তমানত অসমত কংগ্ৰেছ এক বিশেষ সম্প্ৰদায়ৰ দল হৈ পৰিছে। অসম কংগ্ৰেছক এতিয়া বিশেষ সম্প্ৰদায়ৰ কেইজনমান নেতাই পৰিচালনা কৰি আছে। গৌৰৱ গগৈক লৈ যি ধৰনৰ প্ৰশ্ন অসমৰ ৰাইজৰ মাজত উৎত্থাপন হৈ আছে, লগতে গৌৰৱ গগৈয়ে সেইবোৰ প্ৰশ্নৰ পৰা যেনেদৰে নিজকে ফালৰি কটাই থাকে,এয়া চাই এজন অসমীয়াৰ বাবে কংগ্ৰেছত থকাটো অসমীয়া সত্তাক অপমান কৰা হব। সেয়েহে মই সমূহ বিষয় পদত্যাগ পত্ৰৰ লগত গাঁথি দিল্লী হাই কামনলৈকে প্ৰেৰন কৰিছো। সাংবাদিক সকলৰ প্ৰশ্ন উত্তৰত ভূপেন বৰায় জনায় যে, আগন্তুক সময়ত মই কোন ৰাজনৈতিক দলত যাম,মোৰ স্থিতি কি হব, পৰ্য্যয়ক্ৰমে সাংবাদিক সকলক অৱগত কৰোৱা হব। লক্ষনীয় বিষয় ভূপেন বৰা কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ লগতে আৰু ৭ জন বিধায়কো কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ খৱৰে অসমৰ ৰাজনীতিত জোকাৰনি তুলিছে। ২০২৬ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এনে খহনিয়াই , অসমত কংগ্ৰেছ দলৰ বাবে বিপদৰ আগজাননী কব পাৰি। আনপিনে ভূপেন বৰা কংগ্ৰেছ এঁৰিব বুলি অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই ভৱিষ্যতবাণী কৰি থৈছিল,মূখ্যমন্ত্ৰীৰ ভৱিষ্যত বাণী মতে জানুৱাৰী মাহতেই ভূপেন বৰা কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা ঘটণায় প্ৰতিয়মান কৰে যে,অসমত কংগ্ৰেছৰ ঘৰতো মূখ্যমন্ত্ৰী দপদপানি চলে,আৰু অসম প্ৰদেশ কংগ্ৰেছৰ বহুতেই মূখ্যমন্ত্ৰীৰ সৈতে যোগাযোগত আছে। বিভিন্ন ৰাজনৈতিক বিশ্লেষনকাৰীয়ে অনুমান কৰি আছে, ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই,বহুত নেতাই কংগ্ৰেছ এঁৰিব। কিয়োনো গৌৰৱ গগৈৰ আৰু তেখেতৰ পত্নীকলৈ যেনেদৰে অসমবাসীৰ মনত প্ৰশ্ন উঠিছে, তাৰ সঠিক উত্তৰ গৌৰৱ গগৈয়ে নিদিয়াৰ কাৰণে সাধাৰন কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে সলঠেকত পৰিছে। যাৰ ফলত এনে দল ত্যাগৰ পৰিস্থিতি আগলৈকেও হোৱাৰ প্ৰখৰ সম্ভৱনা আছে বুলি অসমৰ সচেতন মহলৰ অনুমান।

0
286 views