logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গঙ্গা

গংগা।
গঙ্গা নহয় কেৱল
এখন নদী
হয় সেইয়া সংগম থলি
নকৰিবা তাক বিভেদৰ থলী।
মিলিত হয় তাত
দেৱ দেৱতাৰ
ৰথী মহাৰথী।

গঙ্গাতে আছে পবিত্ৰতা
নাথাকে তাত ভেদা
ভেদৰ পাৰ্থক্য।
উচ্চ নীচ ধনী দুখীয়া
নহ'ব তাত বিচাৰ।
আছে মা নামেই যাৰ গঙ্গা।
লয়যে
সকলোকে আকোঁৱালি।

মা নকৰে কাকো অনাদৰ।
নহয় কোনো এলাগি।
হয় সকলো আদৰৰ।
থাকে তাত প্ৰত্যেকৰ দাম।
কৰা যদি স্নান আহিব
তোমাৰ পূণ্যৰ পতি ধ্যান।
আতঁৰিব পাপ আহিব পূণ্য
দিবা পূজা
পাবা পৰম সুখ।
তাতে পাবা
তুমি মাৰ আশীৰ্বাদ।
আতৰিব বিবাদ।
আহিব তোমাৰ সু সংবাদ।
আতৰিব দূ সংবাদ
পাবা তুমি ভাল খবৰ।
হ'ব তোমাৰ মনোবাঞ্ছা পূৰণ।
নহ'ব হৰণ
নাহিব তোমাৰ বিষাদ
আঁতৰিব বিভ্ৰান্তি।
হ'ব তোমাৰ আৰম্ভণি
পাবা তুমি সকলোতে মধূৰতা
নাপাবা তুমি কতো গধুৰ ।

মাৰ আশীৰ্বাদত
নহবা তুমি কতো আধাৰুৱা।
নহ'বা তুমি দিশহাৰা
দিব তোমাক দিশ নিৰ্দেশনা
কৰিবা তোমি বিপদ অতিক্ৰম
আহিব তোমাৰ উন্নতি।
পাহৰিবা দূৰ্নীতি।
আতৰিব মনৰ দোষিত বায়ু।

গঙ্গা মাৰ আশীৰ্বাদত
হবা তুমি পবিত্ৰ
কৰিব লাগিব প্ৰাৰ্থনা
কৰিব লাগিব আৰাধনা ।
পাবা তুমি পুণ্যৰ ধাৰণা।
হ'ব তোমাৰ জীৱন ধন্য।
নাহিব তোমাৰ অসুখ
হবাগৈ তুমি আৰোগ্য।
নাপাবা তুমি দূৰ্ভাগ্য
নাপাবা তুমি নৰক
পাবা তুমি সৰগ। ছৈয়দ মহচিন

234
565 views

Comment