logo

জনতাৰ কন্ঠ।

জনতাৰ কন্ঠ
নহয় তাত
আজি অভাৱৰ অন্ত।
নহয় এইয়া ৰাজতন্ত্ৰ
নাই ইয়াত
ৰজাৰ ৰাজত্ব।
তথাপি কিয় কৰোঁ
আমি হাহাকাৰ।
হ'লো নেকি সকলো
আমি আজি নিৰ্বিকাৰ।
কৰোঁ কিন্তু
গণতন্ত্ৰক নমস্কাৰ।
পাওঁনে তাত
আমি পুৰস্কাৰ।
হয়নে আৱিস্কাৰ
আমাৰ অধিকাৰ।
গণতন্ত্ৰৰ নামত
শাসন যন্ত্ৰই
কৰিছে নেকি
আমাক তিৰস্কাৰ।
হৈছে নেকি
সেইয়া পৰিস্কাৰ।
বিকাশক দেখিছোঁ
নাই তাত
আমাৰ
প্ৰতি কোনো অৱকাশ।
হ'ল নেকি সময় সুতত
বিকাশৰ অৱক্ষয়।
বিকাশে বিচাৰি
পাইছে নেকি গণতন্ত্ৰত
ধতন্ত্ৰৰ মুল্য।
কৰিছে নেকি
গতি সেই দিশত।
মাৰিছে নেকি
মূৰত বিকাশেও
দৰিদ্ৰ অসহায়জনক
দিছে নেকি ৰামটাঙোন।
আহিব নেকি ভাঙোন
লাগিব নেকি আঘোণ
হ'ব নেকি ৰণ
কৰিব লাগিব নেকি
গণতন্ত্ৰত গণ আন্দোলন।
বিকাশৰ নামত
হৈছে নেকি ভণ্ডামি
বিচৰা নাই নেকি
তাত কোনেও জবানবন্দী।
জাগ্ৰত হোৱাৰ
সময় সমাগত নেকি?
বিচাৰিব লাগিব,
আনিব লাগিব
অধিকাৰ।
হব লাগিব তাত দৰিদ্ৰ
আৰু অসহায়ৰ জয়।
সেইয়া হৈছে মূল মন্ত।
নাথাকে তাত
কোনো অবান্তৰ।
বিকাশৰ নামত
আহিব লাগিব বিকাশ
নাথাকিব লাগিব বৈষম্য
হ'ব লাগিব তাত
সকলোৱে বিজয়।
গণতন্ত্ৰত নাথাকিব লাগিব
বিকাশৰ বিভেদ
নিবিচাৰিম বিকাশৰ
পৰা তেনে সম্ভেদ।
হ'ব জনতাৰ
বাবে দূ সংবাদ।
বাজিব তেতিয়া
জনতাৰ কন্ঠ
আহিব উলাই অভাৱিতন্ত্ৰ।
বিচাৰিব বিকাশৰ বিকাশ
নাপাম কিয়
আমি তাৰ সমভাগ।
লাগিব আমাক ন্যায়
নালাগে এনে বিকাশ।
য'ত নহয়
অভাৱিজনৰ
অভাৱ অন্ত।
সেইয়া নহয় যে
জনতাৰ কন্ঠ
নহয় বিকাশৰ প্ৰকৃত মন্ত্ৰ ।
হ'ব লাগিব
এনে বিকাশৰ অন্ত
বাজিব জনতাৰ কন্ঠ।ছৈয়দ মহচিন।

1
379 views