logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বিশ্বাস।

বিশ্বাস মানে
জানো আশ্বাস।
আশ্বাস বোৰ
আজি সলনি হ'ল
আশ্বাস নাথাকে
আজি সংকল্পত।
ৰাখিবা বিকল্প নহ'লে
আহি যাব পাৰে বিপদ
ঘটি যাব পাৰে আপদ।
নাই কোনো তাৰ ঠিক।
গৈছে সময় হৈছে সলনি।
আহিছে সত্যতাৰ মৰণ
কৰে সকলোৱে তাক হৰণ।
যদি নাথাকে সত্য
পাবা কেনেকৈ বিশ্বাস।
হবা তুমি
কেনেকৈ সফল।
বিশ্বাসত নাই
আজি সাৰ্থকতা
হ'বাগৈ তুমি
নিজেই দিশহাৰা।
বিশ্বাস মানেই বাস্তৱ
নহয় সি অবাস্তৱ।
ঘটিছে আজি
বহু অবান্তৰ
হৈছে ৰূপান্তৰ
হৈছে পৰিবৰ্তন
কৰিছে বিভ্ৰান্ত
নহ'ব আজি
সত্যৰ অভিৱৰ্তন।
কৰিব লাগিব
সত্যই নিজেই প্ৰত্যাবৰ্তন।
আছে তাত পাৰ্থক্য
নাই তাত বিকল্প।
নাপাবা আজি
বিশ্বাসৰ ভজন।
দিব তোমাকে বিসৰ্জন
নোৱাৰিব কৰিব
পুনৰ অৰ্জন
আহিব বিভাজন
নাপাবা সুজন।
আহিব সকলোতে
তোমাৰ বিয়োজন
নহয় তাত সংযোজন।
বিশ্বাস নাই
আজি কতো
হৈছে বিধ্বস্ত
নহব আৰু যে
পুনৰ ৰূপান্তৰ ।

115
1370 views

Comment