জয়
জয়। জয় তোৰ আছে সত্যতা আছে তোৰ সাধনা। নাই তোৰ বাসনা দিয় তই সকলোকে আসন। জয় আছে তোৰ সদাচাৰ হয় তই জয়ী। নাই তোৰ মিথ্যা চাৰ নাহে তোৰ পৰাজয়। জয় আহিব তোৰ বিজয় নাপাতি সমন্ধ আছে যদি তাত বৰ্বৰ। নহ'লে আহিব এদিন নিজৰে পৰাজয়। জয়ৰ বাবে লাগে পৰিশ্ৰম নালাগে পৰশ্ৰীকাতৰ। জয় মানে নহয় যে পৰচৰ্চা। কৰ যদি আহিব তোৰ প্ৰস্থান নাথাকিব তোৰ স্থান। জয়, জয়ৰ বাবে লাগে শক্তি নিদিব তাত ঠাই হয় যদি সি অপহক্তি। অপশক্তিৰ আছে ধৰ্ম কৰে সকলোকে অপকাৰ নাই তাৰ উপকাৰ। নাপাবি তই উপহাৰ কৰিব লাগিব তই হাহাকাৰ। জয় তই কৰ যুদ্ধ আছে তোৰ বিশুদ্ধতা। অপশক্তিৰ আছে অপৰাধ কৰে সি অপকাৰ আহিব তোৰ বিকাৰ। হবিগৈ তই বিফল। জয় অপকাৰীক নিদিবি ঠাই নাই তাত প্ৰভুৰ আশীৰ্বাদ । আহিব তোৰ বিপৰ্যয় হ'ব তোৰ পৰাজয়। নাপাবি তই ৰাজত্ব কৰিব তোক বিৰক্ত। হ'বগৈ তোৰ সমাপ্ত। ছৈয়দ মহচিন।