logo

বিজেপি ধুবুৰী জিলাৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্য্যসূচী

আজি ৮ ফেব্ৰুৱাৰী ২০২৬ ইং তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ সাংবাদিক মেল সম্বোধনৰ জৰিয়তে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ সংসদ গৌৰৱ গগৈৰ লগতে তাইৰ ঘৈণীয়েক এলিজাবেথৰ পাকিস্থান সম্পৰ্ক বিষয়ে বহু চাঞ্চল্যকৰ তথ্য উজাগৰ কৰে। এজন ভাৰতীয় লগতে দেশৰ এজন সাংসদৰ বিষয়ে এনে ভয়ঙ্কৰ তথ্য অসমৰ মূখ্যমন্ত্ৰীয়ে উজাগৰ কৰাৰ পিছতেই আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত, জিলা সভাপতি *ৰঞ্জিত কুমাৰ ৰায়*ৰ নেতৃত্বত ধুবুৰী সদৰত বিজেপি জিলা কাৰ্য্যলয়ৰ পৰা পাঁচমোড় লৈকে এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিতি থাকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য বিজেপি অসম প্ৰদেশ অশ্বিনী ৰায় সৰকাৰ, লগতে উপস্থিত থাকে জিলাৰ,মণ্ডল,জিলা মৰ্চাৰ আৰু মণ্ডল মৰ্চাৰ দলীয় কাৰ্যকৰ্তা আৰু জেষ্ঠ কাৰ্যকৰ্তা বৃন্দ। লক্ষনীয় বিষয় আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত কংগ্ৰেছৰ নেতা গৌৰৱ গগৈৰ পাকিনস্থান সম্পৰ্কৰ বিৰুদ্ধে গৰজি উঠে বৃহৎ সংখ্যক ধুবুৰীবাসী ৰাইজেও,গৰিজি উঠায় নহয় বিজেপিৰ দলৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত স্বতষ্ফূৰ্ত ভাবে অংশ গ্ৰহনো কৰে। ধুবুৰী জিলাৰ বিজেপি নেতৃত্বয় সাংবাদিক সকলক জনায় যে, অসমৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংবাদমেলৰ জৰিয়তে যিবোৰ তথ্য গৌৰৱ গগৈ আৰু তেওঁ পত্নী এলিজাবেথৰ পাকিস্থান সম্পৰ্ক বিষয়ে উজাগৰ কৰিছে,সেয়া ভাৰতবৰ্ষৰ সুৰক্ষা দিশত আৰু ভাৰতবাসীৰ কাৰণে এক চিন্তাজনক বিষয়। যি গৌৰৱ গগৈয়ে সঘনায় নিজৰ বিদেশ ভ্ৰমনৰ আৰু দৈনন্দিন জীৱনৰ ছবি সমূহ জনপ্ৰিয়তা অৰ্জনৰ কাৰণে সামাজিক মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰ কৰি আহিছিল, সেই গৌৰৱ গগৈয়ে ১৫ দিন পাকিস্থান ভ্ৰমনকালত এটা ছবিও সামাজিক মাধ্যমত প্ৰচাৰ নকৰাৰ পিছপিনে কি ৰহস্য লুকাই আছে? গৌৰৱ গগৈৰ পত্নীৰ, ভাৰত বিৰোধী এজেণ্ডা প্ৰস্তুতকাৰী পাকিস্থানী চৰকাৰৰ পৃষ্টপোষকতাত পৰিচালিত *আলী তৌকীৰ শেখ*ৰ লগত সম্পৰ্কই স্পষ্ট কৰে যে, গৌৰৱ পত্নী ভাৰতবৰ্ষৰ বাবে খুবেই বিপদজনক। উল্লেখনীয় বিষয় যে, গৌৰৱ গগৈ এতিয়ালৈকে কিয় তাৰ পত্নী সন্তানক ভাৰতীয় নাগৰিকত্ব লোৱৰ বাবে প্ৰয়াস কৰা নাই ? ইয়াৰ মানে এয়া নহয়তো, বিদেশৰ ভূমিত বহি গৌৰৱ পত্নীয়ে পাকিস্থানৰ লগত সুসম্পৰ্ক ৰাখি ভাৰতৰ বিৰুদ্ধে ৰচনা কৰিব ভাৰত বিৰোধী ৰণকৌশল, আৰু আনপিনে গৌৰৱ গগৈ ভাৰতবৰ্ষত বহি সেই ৰণকৌশলবোৰ বাস্তৱত সফল কৰাৰ প্ৰয়াস কৰিব! কিয়োনো ইয়াৰ পূৰ্বে দেশৰ সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে যেনেদৰে ভাৰতৰ সুৰক্ষাৰ তথ্য মুকিল কৰাৰ কথা সংসদৰ মাজ মজিয়াত কৈছিল, দেশৰ সুক্ষাৰ তথ্য মুকুলি কৰাৰ বাবে কেন্দ্ৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল, পাকিস্থানৰ বিৰুদ্ধে ভাৰতৰ "অপৰেশন সিন্দু" ক লৈ দেশৰ সেনাৰ পৰাক্ৰমৰ ওপৰত গৌৰৱ গগৈয়ে যেনেদৰে প্ৰশ্ন কৰি,পাকিস্থানৰ মিডিয়া ৰিপোৰ্টো সঠিক বুলি দেখুৱাৰ প্ৰয়াস কৰিছিল, এয়া আমি ভাৰত তথা অসমবাসীয়ে প্ৰতক্ষ্য কৰিছিলো। এনেবোৰ বিষয় চাই থকা সময়তে আজি অসমৰ মূখ্যমন্ত্ৰীয়ে যেনেদৰে গৌৰৱ গগৈ সহ তেখেতৰ পত্নীৰ বিষয়ে SIT ৰ প্ৰতিবেদন তথ্য উৰ্জগৰ কৰিলে, সেয়া চাই আজি প্ৰতিজন অসমীয়া ৰাইজে গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিছে। তাক বিভিন্ন ঠাইত ভ্ৰমনকালত বাধা দি আছে। আজি অসমৰ ৰাইজেও বুজি উঠিছে-কেৱল গৌৰৱ গগৈয়ে নহয় , কংগ্ৰেছ দলটোৱে এটা দেশৰ বিৰোধী দল।ধুবুৰী বিজেপি জিলা নেতৃত্বয় অসমৰ মূখ্যমন্ত্ৰীৰ জৰিয়তে দেশৰ গৃহ বিভাগক দাবী জনায় যে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ ওপৰত উচ্চ পৰ্য্যয়ৰ তদন্তৰ, আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথে ভাৰতীয় নাগৰিকত্ব যেতিয়ালৈ নলব,তেতিয়ালৈকে যাতে গৌৰৱ পত্নী ভাৰতবৰ্ষত প্ৰবেশ কৰিব নোৱাৰে, তাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগে যাতে কঠোৰ ব্যৱস্থা গ্ৰহন কৰে।

0
79 views
  
1 shares