logo

চহৰ

চহৰ
চহৰত থাকে হেনো
চহকী মানুহ।
নাথাকে তাত
সাহসি মানুহ
বিচাৰিবা সহায়
হৈ যাব সিহঁত দূৰ্বল
কৰি দিব সিহঁতে
তোমাক গন্দগোল।
নাথাকে সিহঁতৰ
বহুতৰে চিন্তা শক্তি।
কৰি দিয়ে
আনক অনাহকত অশান্তি।
চহৰত নাথাকে ভূল শুদ্ধ
থাকে লাভ লোকচান।
যদি দিয়া লাভ
পাবা তুমি আপোন।
যদি লাভ
সৈতে কৰিব নোৱাৰা
তুমি সংগম।
আহিব তাত সংঘাত
নাথাকিব সম্বন্ধ।
নাযাবা দুনাই
মূৰত
পৰিব তাঙোন।
ভাঙি যাব পাৰে সপোন।
কৰি দিব
পাৰে তোমাক দাপোন।
হ'বা তুমি
সকলোৰে চিনাকি প্ৰতিচ্ছবি।
নহ'বা কাৰো অপৰিচিত
হ'বাগৈ তুমি কুখ্যাতি ।
নাথাকিব পাৰে তোমাৰ ভূল
নামানে চাগে
সিহঁতে তুমাৰ নিয়ম।
কৰি দিলে তোমাক বিষম
হ'ল চাগে মন তোমাৰ জখম।
চহৰত থাকে চাউলৰ দাম
নাই তাত মানুহৰ দাম।
নিবিচাৰিবা দয়া
নাপাবা তুমি সহানুভূতি।
নাই তাত সহায়
আছে তাত হিংসা
কৰে তাত তামাম অহংকাৰ ।
নাযাবা তুমি সেই দিশত
হ'বগৈ তোমাৰ অধপতন।
নোৱাৰিবা তাত কৰিব
সহ অৱস্থান
দি দিব পাৰে কবস্থান।
নাই সিহঁতৰ কৃতজ্ঞতা।
নহয় সিহঁত চিধা
কৰি দিব তোমাক আধা
নলৱা তাত সিদ্ধান্ত।
দিব বনাই
তোমাকে পাখণ্ড।
সিহঁতৰ দৃষ্টি
নহয় ব্যাপক
হয় সংকীৰ্ণ
নেদেখে আনৰ
দুষ কষ্টৰ বোজা।
নহয় সিহঁত হুজা
নাপাবা বুজি একো
কৰি দিব খালি
কেৱল তোমাক কোজা।
নোৱাৰিবা সিহঁতক দিব
ওলটি তুমি চাজা।
হয় সিহঁত ৰাজা
নাথাকে সিহঁতৰ বিচাৰ।
আছে সিহঁতৰ টকা
দিয়ে কিন্তু আনক লেঠা। ছৈয়দ মহচিন।

2
460 views