কাৰ্বি আংলং জিলাৰ ডকমকা'ৰ ডেকাচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী আদিবাসী সমাজৰ সমাজ সেৱিকা উৰ্চিলা কুজুৰ'ৰ দেহাৱসান ।
কাৰ্বি আংলং জিলাৰ ডকমকা'ৰ ডেকাচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী আদিবাসী সমাজৰ সমাজ সেৱিকা উৰ্চিলা কুজুৰ'ৰ দেহাৱসান ।
ডকমকা উঃমাঃ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ছামুয়েল লাক্ৰা'ৰ সহধর্মিণী আছিল উৰ্চিলা কুজুৰ।
সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছা'ৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা তথা ডকমকা উঃমাঃ বিদ্যালয়ৰ শিক্ষক অশোক লাক্ৰা'ৰ মাতৃ আছিল।
বিগত কেইৱা মাহ মান ধৰি অসুস্থ হয় চিকিৎসা গ্রহণ কৰি আছিল উৰ্চিলা কুজুৰ
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি আজি ৭৩ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁৰ ডকমকাৰ ডেকাচাং গাওঁৰ বাসগৃহত।
তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌৰে গভীৰ শোক প্ৰকাশ কৰি সমূহ পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে সংবাদ মাধ্যমৰ যোগেদি।