logo

বিস্মৃতি।

বিস্মৃতিৰ বিস্ময়
হয় আশ্চৰ্যকৰ।
কৰিব তোমাকে
সকলোতে হাস্যকৰ।
বিস্মৃতিৰ বিপাঙত আছে বিশালতা
হয় তাত জীৱন বিপন্ন।
নহয় তাত জীৱন মিহিৰ।
আছে তাৰ পাৰ্শ্বক্ৰিয়া
হয় সেইয়া বিষক্ৰিয়া ।
কৰোঁ আমি
কেৱল হাহাকাৰ।
বিস্মৃত বিস্ফোৰণ
নহয় সাধাৰণ
বোমা বাৰুদৰ শব্দ।
হয় তাৰ প্ৰতিশব্দ
থাকে তাত অতিশব্দ।
আছে তাৰ ক্ষতিকৰ পৰিমাণ।
নাথাকে তাত আনৰ অনুমতি
নোৱাৰি কৰিব কোনে
তোমাৰ সৈতে প্ৰবেশ।
আছে তাৰ ভয়াবহতা
কৰা হয় সকলোকে পৃথক।
বিস্মৃতি অতিশব্দৰ পোহৰত
হয় জাগৰণ নহয় সেইয়া সাধাৰণ।
হয় বিকিৰণ
কৰে শৰীৰত অসাধাৰণ ক্ষতি।
নহ'ব তাৰ সংশোধন।
নাই তাৰ সৃষ্টি
নাই তাৰ দৃষ্টি
হয় তাৰ কৰ্কট শব্দত
মন হয় স্তব্দ।
কোষ হয় ধ্বংস
জীৱনলৈ আহে সংশয়।
নহ'ব কেন্দ্ৰীয় পইন্টৰ
সৈতে সংযোগ।
আহিব দূৰ্যোগ।
বাঢ়িব দূৰত্ব
হবা সকলোতে আহত।
নাই তাৰ চিকিৎসা
আহিব তাৰ কেৱল বিষ
পাবা তুমি জীৱন জুৰি যান্ত্ৰণা
নাপাবা তাৰ কোনো দিনে উপষম।
কৰিব কেৱল জীৱন অক্ষম।
আহিব তোমাৰ বিপদ।
নাপাবা কতো মুক্তি।
নহ'বা তুমি কাৰো পচন্দ
কৰিব তোমাক পৃথক।
নাপাবা ক'তো সাৰ্থক।
কৰিবা তুমি
নিজেই নিজক হৰলুকি ।
নহ'বা কোনে দিনে
তাৰ পৰা নিজেই মুকুলি।
হ'বপাৰা তুমি মুকতা
বিস্মৃতিৰ বহুৱালিত
হ'বাগৈ তুমি মল।
নাপাবা ক'তো কল
হ'ব তোমাৰ
সকলোতে বিকল।
পাবা তুমি আহুকাল
নাপাবা ক'তো ফৰকাল।
ছৈয়দ মহচিন।

4
664 views